নাট্যকাৰ হেমন্ত দত্তৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ

নাট্যকাৰ হেমন্ত দত্তৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ
বিস্ময়কৰ শিল্পচেতনাৰে হেমন্ত দত্তই সমৃদ্ধ কৰি থৈ গৈছে অসমৰ সাংস্কৃতিক জীৱনঃ অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা গীতিকাৰ হেমন্ত দত্তৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “অসমৰ নাট্য আন্দোলনৰ অগ্ৰগণ্য ব্যক্তিত্ব হেমন্ত দত্তৰ বিয়োগে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে৷ অসামান্য প্ৰতিভা আৰু দায়বদ্ধতাৰে অসমীয়া মানুহৰ সাংস্কৃতিক চেতনাক বিপুল সৃষ্টিসম্ভাৰেৰে জ্যোতিষ্মান কৰিছে তেখেতে৷ তিনি শতাধিক নাটকত অভিনয় কৰি অসমৰ বিভিন্ন মঞ্চক মহীয়ান কৰিছে দত্তই। জাতিটোৰ বাবে চিৰবৰেণ্য হৈ ৰ’ব এইগৰাকী নাট্যমনীষীৰ জীৱনাদৰ্শ৷’’বিস্ময়কৰ শিল্পচেতনাৰে হেমন্ত দত্তই অসমীয়াৰ সাংস্কৃতিক জীৱন বৰ্ণাঢ্য কৰি তোলা বুলি উল্লেখ কৰি সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘নাটকৰ মাজেদি তেখেতে সমাজলৈ প্ৰেৰণ কৰা শক্তিশালী বাৰ্তাসমূহ দৰ্শকে সহজে হৃদয়ংগম কৰিব পাৰে। অসমবাসীৰ অপৰিমেয় আদৰ পোৱা তেখেতৰ নাটকসমূহ অসমৰ অভিনয় ক্ষেত্ৰৰ সোণসেৰীয়া সম্পদ। মননশীলতা আৰু সংবেদনশীলতা তেখেতৰ নাটৰ মূল উপজীৱ্য৷’’গগৈ আৰু ভূঞাই লগতে কয়, “এক বিশাল সাংস্কৃতিক পৰিক্ৰমাৰ মাজেদি গীতিকাৰ, অভিনেতা, নাট্যকাৰ আৰু পৰিচালক হিচাপে অসমৰ জাতীয় জীৱনলৈ তেখেতে আগবঢ়াই যোৱা অৱদান যুগে-যুগে বন্দিত হৈ ৰ’ব৷ আমি দত্ত দেৱলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকবিহ্বল পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছোঁ৷”