নাটক – ৰুমী কলতা দত্ত

নাটক

ৰুমী কলতা দত্ত,২ নং কেন্দুগুৰি

“ঐ ল’ৰাহঁত” তহঁতে বাৰু  নাটক  কৰিবলৈ আৰু একো কাহিনী বিচাৰি নাপালিনে ?

“মানুহক বোবা কৰি ৰাখিবলৈহে এনেবোৰ কাহিনীৰ সৃষ্টি কৰিছে ।” তহঁতো কম ল’ৰা-ছোৱালী নহয় দেই কথাবোৰ ভাবি-গুণি চাবলৈ সময়ে নাপাৱ ।

মানুহজনে কালি সন্ধিয়া সিহঁতৰ নাটক এখন উপভোগ কৰিছিল । তাকে লৈ মনত বহুতো ক্ষোভ । আজি বাপ্পেকে তাত অভিনয় কৰা ল’ৰা এজনক পাই নোকোৱাকৈ নাথাকিল,ক্ষোভ উজাৰি দিছে ।    চা… বোপাহঁত  তহঁতে ডালে ডালে যেনেকৈ বগাইছ যে এচামে পাতে পাতে বগাৱলৈ সাজু হ’বই লাগিব ।