নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ নাজিৰা নগৰ ৱাৰ্ড চক্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ নাজিৰা নগৰ ৱাৰ্ড চক্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা সংহত শিশু উন্নয়ন  প্ৰকল্পৰ অধীনত নাজিৰা নগৰ ৱাৰ্ড চক্ৰৰ উদ্যোগত নাজিৰা আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ত কালি ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয়।  উক্ত অনুষ্ঠানত শিশুৰ স্তনপানৰ উপকাৰিতা,মহিলা আৰু কিশোৰীসকলৰ পুষ্টিহীনতা আদি সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে পৰিপূৰক খাদ্য,পুষ্টি বাগিচাৰ প্ৰয়োজনীয়তা আদি বিষয়ত আলোচনা কৰা হয়।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ মাজত থলুৱা শাক পাচলিৰ দ্বাৰা সুষম পুষ্টিকৰ খাদ্য প্ৰস্তুতকৰণ প্ৰতিযোগিতা,লগতে  অংগনবাড়ীৰ জৰিয়তে যিসমূহ সেৱা আগবঢ়োৱা হয় তাৰ ওপৰত আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদি আয়োজন কৰা হয়।আজিৰ এই অনুষ্ঠানত নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ মূখ্য সেৱিকা নীলাক্ষী বৰুৱা, বৰ্ণালী দত্ত, প্ৰণামী ফুকন গগৈ, ববিতা দেউৰী আৰু পোষণ অভিযানৰ খণ্ড সমন্বয়ক অভিনৱ গগৈ , নাজিৰা আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নজিফা আহমেদৰ  লগতে ২৯ খন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী , সহায়িকাই অংশগ্ৰহণ কৰে।