নাজিৰা শিক্ষাখণ্ডত ‘শ্ৰেণীকোঠা পৰ্যবেক্ষণ সমল’ সম্বন্ধীয় কৰ্মশালা সম্পন্ন

নাজিৰা শিক্ষাখণ্ডত ‘শ্ৰেণীকোঠা পৰ্যবেক্ষণ সমল’ সম্বন্ধীয় কৰ্মশালা সম্পন্ন
যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি আৰু মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সকলক লৈ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ২৯ এপ্ৰিলত ‘শ্ৰেণীকোঠা পৰ্যবেক্ষণ সমল’ সম্বন্ধীয় এখনি কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত শিৱসাগৰ জিলাৰ জিলা আঁচনি বিষয়া ৰিচা শইকীয়া , বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা বিষয়ৰ জিলা প্ৰালোচক মৌচুমী দত্ত আৰু নাজিৰা শিক্ষাখণ্ডৰ খণ্ড মিছন সমন্বয়কৰ হৈ সহঃ পৰিদৰ্শক মঃ দিলদাৰ হুছেইন উপস্থিত থাকি কৰ্মশালা পৰ্যবেক্ষণ কৰাৰ লগতে বক্তব্য আগবঢ়ায়। কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নাজিৰা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি হৰেন শৰ্মা,শিক্ষক গুণ মৰাণ আৰু উত্তম কলিতাই। কৰ্মশালাত Tangerine Application টো ব্যৱহাৰ কৰি এটা শ্ৰেণীকোঠা কেনেদৰে পৰ্যবেক্ষণ কৰিব সেই সন্দৰ্ভত পুংখানুপুংখকৈ আলোচনা কৰা হয়। কৰ্মশালাত এটা আদৰ্শ শ্ৰেণীকোঠাত পাঠ আদান প্ৰদান সম্বন্ধীয় আৰ্হি উপস্থাপন কৰি দেখুৱায় খণ্ড সমল ব্যক্তি হৰেন শৰ্মাই। সমন্বয়ক সকলে এফ এল এন ৰ নিৰ্দেশনা অনুসৰি কেনেদৰে এটি পাঠ সাক্ষৰতা ৯০ মিনিট আৰু সাংখ্যিকতা ৬০ মিনিটৰ বাবে প্ৰস্তুত কৰিব সেই বিষয়ৰ এটি কৰ্মশালা অনুষ্ঠিত কৰিবলৈ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা বিষয়ৰ প্ৰালোচক মৌচুমী দত্তক অনুৰোধ কৰে। এই প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণিলৈ উপস্থিত থকা প্ৰালোচক গৰাকীয়ে বিষয়টোৰ সন্দৰ্ভত কৰ্মশালা অনুষ্ঠিত কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে সকলোৰে সহযোগিতা আৰু উপস্থিতিয়ে কৰ্মশালাখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি Application টোৰ সফল প্ৰয়োগৰ বাবে আহ্বান কৰে। উক্ত কৰ্মশালাত মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জ্যোতি ফুকন,ৰূপম গগৈ ,সত্যনাথ দাস, হিতেশ্বৰ কোঁৱৰ, সংগীতা গগৈ,বিনোদ গগৈ, গায়ত্ৰী দত্ত, খাদিমুদ্দিন আহমেদ, চিদানন্দ গগৈ, অমৃত গগৈ, মৌচুমী সভাপণ্ডিত সহ নাজিৰা শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমূহৰ সকলো সমন্বয়ক উপস্থিত থাকে।