নাজিৰা মহাবিদ্যালয় ছাত্ৰ একতা সভা

নাজিৰা মহাবিদ্যালয় ছাত্ৰ একতা সভা : সাঁতটাকৈ পদত বিজয়ৰে নাজিৰিয়ানৰ জয়লাভ পাঁচটা পদত এন এছ ইউ আইৰ জয়লাভ

যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰাৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শনিবাৰে শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। উক্ত নিৰ্বাচনত এন এছ ইউ আই আৰু নাজিৰিয়ানৰ তৰফৰ পৰা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।নিৰ্বাচনত “নাজিৰিয়ান”ৰ তৰফৰ পৰা সভানেত্ৰী প্ৰিঞ্চিপ্ৰিয়া দত্ত, সাধাৰণ সম্পাদক (যুটীয়া ভাৱে) বিকাশ হাজৰিকা, তৰ্ক আৰু সাহিত্য বিভাগত ৰিচা গগৈ, সাংস্কৃতিক বিভাগত দেৱাশীষ শৰ্মা, আন্ত:ক্ৰীড়া বিভাগত বিক্ৰম বড়া আলোচনী বিভাগত অভিজিত ফুকন আৰু ছাত্ৰ জিৰণি কোঠা বিভাগত চাহিদউদ্দিন আহমেদ সম্পাদক পদত জয়ী হয়। আনহাতে এন এছ ইউ আইৰ ৰ তৰফৰ পৰা উপ সভাপতি নমিতা বাইলুং বৰুৱা সাধাৰণ সম্পাদক পদত বুলবুলবড়া (যুটীয়া ভাবে) সহকাৰী সম্পাদক পদত টিনা হুচেইন সমাজসেৱা পদত বিপাশা দিহীঙীয়া আৰু ছাত্ৰী জিৰণি কোঠা বিভাগৰ সম্পাদক পদত প্ৰাৰ্থনা প্ৰিয়া বাইলুং জয়ী হয়। সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী বিকাশ হাজৰিকা আৰু বুলবুল বড়াই সমান ভোট লাভ কৰাত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ সিদ্ধান্ত মৰ্মে দুয়ো জনকে ছমাহ, ছমাহৰ বাবে সাধাৰণ সম্পাদক পদৰ কাৰ্যকাল চলাই যাবলৈ দায়িত্ব প্ৰদান কৰে। নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছতে নাজিৰিয়ানৰ সদস্যসকলে বিজয়ী প্ৰাৰ্থীসকলক লৈ নাজিৰা নগৰৰ মাজমজিয়াত ঢোলে দগৰে সমদল ওলিয়াই নাট্য মন্দিৰৰ প্ৰাংগনত অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। উক্ত সভাত নাজিৰীয়ানৰ উপদেষ্টা নিপু মণি বৰগোহাই সভাপতি উদ্দীপন গগৈ সাধাৰণ সম্পাদক দিপজ্যোতি বৰদলৈ উপস্থিত থাকে। সভানেত্রী আৰু সাধাৰণ সম্পাদক(যুটীয়া ভাৱে) পদসহ সাঁতটাকৈ পদত বিজয়ৰে ২০২৩-২৪ বৰ্ষৰ নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাখন দখল কৰিবলৈ সক্ষম হয়।প্ৰতিজন নাজিৰিয়ানৰ বিজয়ী প্ৰাৰ্থীক আছুৰ প্ৰাক্তন উপদেষ্টা উদ্দীপজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ভাস্কৰজ্যোতি মহন্তই অভিনন্দন জনাইছে।