নাজিৰা মঠিয়াছিগাত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ  উদ্যোগত সমৰ্থ আঁচনিৰ অধীনত প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ 

নাজিৰা মঠিয়াছিগাত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ  উদ্যোগত সমৰ্থ আঁচনিৰ অধীনত প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ 
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-  নাজিৰাৰ মঠিয়াছিগাস্থিত নাং  চেলেং প্ৰশিক্ষণ কেন্দ্ৰত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ  উদ্যোগত সমৰ্থ আঁচনিৰ  অধীনত ৪৫ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰা হয় । বিগত এটা বছৰে মুঠ ১৬ গৰাকী শিপিনীৰে অসমৰ থলুৱা বস্ত্ৰ প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে সমাজ খনক আগ বঢ়াই নিয়াৰ প্ৰচেষ্টাৰে চৰকাৰী অভিলাষী আঁচনিৰ জৰিয়তে দাঁতিকাষৰীয়া অঞ্চলৰ মহিলা সকলৰ মাজত এক প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা অশ্বিনী কুমাৰ দলে। জিলা প্ৰকল্প প্ৰৱন্ধক ডঃসুৰজ্যোতি গগৈ , খণ্ড প্ৰকল্প প্ৰৱন্ধক মুনিন গগৈ , খণ্ড সম্বন্নয়ক জৰিতা দাস , ভাৰতী হয় বস্ত্ৰ মন্ত্ৰালয়ৰ সম্বন্নয়ক অভিজিৎ ডেকা , সহায়িকা লীনা হাজৰিকা , ৰাজমাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যাদৱ বৰগোঁহাই,শিক্ষক দ্বিজেন বৰগোঁহাই আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা প্ৰশিক্ষণ শিৱিৰত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে দিপাংকৰ বৰুৱাই ।  উক্ত প্ৰশিক্ষণ শিবিৰত যোগদান কৰা প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীক দৈনিক ১৫০ টকাকৈ ভাট্টা আৰু প্ৰশিক্ষণৰ অন্তত একোখনকৈ চৰকাৰী প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।