নাজিৰা কবি সন্মিলনৰ উদ্যোগত চোতাল অনুষ্ঠান সম্পন্ন 

নাজিৰা কবি সন্মিলনৰ উদ্যোগত চোতাল অনুষ্ঠান সম্পন্ন 
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম কবি সন্মিলনৰ অন্যতম শ্ৰেষ্ঠ শাখা নাজিৰা কবি সন্মিলনৰ উদ্যোগত ২৬ নৱেম্বৰত নামতি চাৰি আলি নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক হাছান আলীৰ গৃহৰ চোতালত সদৌ অসম কবি সন্মিলনৰ অন্যতম কেন্দ্ৰীয় কাৰ্যসূচী চোতাল অনুষ্ঠান সম্পন্ন কৰা হয়৷ শাখাৰ কবি-শিল্পীসকলে এটি কোৰাচেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আদৰণি বক্তব্য আগবঢ়ায় সভাপতি অজিত খাটনিয়াৰে৷ সম্পাদক হৰেন চন্দ্ৰ নাথে আঁত ধৰা আৰু শলাগ জ্ঞাপন কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অনুভৱী বক্তব্য আগবঢ়ায় ক্ৰমে শিৱসাগৰ জিলা কবি সন্মিলনৰ সম্পাদক কুন্তলা কল্যাণী সন্দিকৈ, প্ৰাক্তন সম্পাদক সুৰেশ ভূঞা, চাৰিআলি বালিকা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষকদ্বয় চেনীৰাম বৰগোহাঁই  আৰু চফিউৰ ৰহমান, শাখাৰ নৱ-নিবাৰ্চিত সভাপতি অৰুণা চেতিয়া খাটনিয়াৰ আৰু উপদেষ্টা ড॰ জীৱন কলিতাই৷ কেইবাটিও কণমানিয়ে সৃষ্টিশীল নৃত্য পৰিৱেশনেৰে জীপাল কৰি তোলা অনুষ্ঠানত গীত পৰিৱেশন কৰে ক_শিল্পী নিবেদিতা ফুকন, জোনমণি দেৱী, প্ৰজ্ঞাত্ৰেয়ী খনিকৰ আৰু  কবিতা বৰগোহাঁয়ে৷ একোটিকৈ কবিতা আবৃত্তি কৰে দেৱযানী দীক্ষিতা, মনজ্যেৎস্না লাহন আৰু প্ৰজ্ঞাত্ৰেয়ী খনিকৰে৷ স্বৰচিত কবিতা পাঠ কৰে নিৰু হাজৰিকা, বিপুল বৰুৱা, আয়েছা খাতুন, মিনতি দত্ত দুৱৰা, শিখা বুঢ়াগোহাঁই, কবিতা বৰগোহাঁই, জনম খনিকৰ, নিজৰা সন্দিকৈ ফুকন, অসমা তুংখুঙীয়া, হেমন্ত ৰাজখোৱা, মঞ্জু ঘৰফলীয়া, জীনামণি বৰগোহাঁই, ৰবিন বৰঠাকুৰ, তৰুণ চন্দ্ৰ নাথ, দীপা গগৈ, হাৰেজা বেগম, বিচিত্ৰা বৰা ভূঞা, গীতৰাজ, অৰুণা চেতিয়া খাটনিয়াৰকে মুখ্য কৰি কুৰিজনৰো অধিক কবিয়ে৷ অনুষ্ঠানত গৃহস্থ মঃ হাছান আলীক শাখাৰ তৰফৰ পৰা এখনি কৃতজ্ঞতা পত্ৰ, চেলেং, গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে সন্মানীত কৰা হয়৷ কাব্যমন্ত্ৰ পাঠেৰে সামৰণি মৰা অনুষ্ঠানত পিয়লি ফুকন কলেজৰ জ্যেষ্ঠ অধ্যাপক চৈয়দ আব্দুৰ ৰহমান, বিশ্বজিৎ নাথ, প্ৰণৱ দুৱৰাকে মুখ্য কৰি স্থানীয় কাব্যানুৰাগী ব্যক্তিসকল উপস্থিত থাকে৷