নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ আয়োজন 

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ আয়োজন 
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-   এতিহ্যমণ্ডিত নাজিৰাৰ প্ৰথমখনি ছাত্ৰী শিক্ষানুষ্ঠান নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু বিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰী আৰু ছাত্ৰী – অভিভাৱকৰ সহযোগত বিদ্যালয়খনত শিক্ষা আহৰণ কৰি ইতিমধ্যে শিক্ষা – সাংস্কৃতিক – সামাজিক ক্ষেত্ৰখনত অৰিহণা আগবঢ়োৱা প্ৰাক্তন শিক্ষাৰ্থী সকলক ঐক্যবদ্ধ কৰাৰ প্ৰয়াস আৰু বিদ্যালয় তথা অঞ্চলটোৰ আৰ্থ – সামাজিক উত্তৰণত অৱদান আগবঢ়াই অহা সকলৰ একত্ৰিকৰণেৰে এখনি সমাৰোহ অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে । ইতিমধ্যে অঞ্জনা বৰগোহাঁঞিক সভানেত্ৰী, চৈয়দা ৱাহিদা তাজ , অনিমা বৰগোঁহাই আৰু লেখাৰাণী ফুকনক উপ- সভানেত্ৰী, ৰেণু ঢেকীয়াল ফুকনক কাৰ্যকৰী সভানেত্ৰী, নৰ্জিফা বেগমক কোষাধ্যক্ষ , ৰুবি গগৈ , নিলুফা আলম , প্ৰিয়ংকা ৰাণী বৰুৱা , আমিনা বেগম , অনামিকা গগৈক আহ্বায়িকা , নিৰুপমা দাসক শিক্ষক প্ৰতিনিধি, অল্পনা গগৈ , বনশ্ৰী বৰুৱা,সুপ্ৰীতি বৰগোহাঁই, চাহেৰা ৰহমান , মালা গগৈ , দিম্পী বৰঠাকুৰ, কৃষ্ণা গগৈ, মৌচুমী মাউৎ , স্নিগ্ধা চাংমাই আৰু কৰবী বৰগোহাঁইক কাৰ্যকৰী সদস্যা হিচাপে লৈ নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সন্মিলনীৰ সমিতিখন গঠন কৰা হৈছে । বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সন্মিলনীৰ সভানেত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী – বিশিষ্ট লেখিকা অঞ্জনা বৰগোহাঁঞিৰ সভাপতিত্বত দেওবাৰে অনুষ্ঠিত সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে । সেই উদ্দেশ্যে আলোচনী , সাংস্কৃতিক উপ – সমিতিকে ধৰি ভালেকেইখন উপ – সমিতি গঠন কৰা হয়। সমাৰোহখনি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে অসম তথা দেশ – বিদেশৰ বিভিন্ন প্ৰান্তত থকা বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী সকলক একত্ৰিত হৈ সহাৰি জনাবৰ বাবে সন্মিলনীৰ তৰফৰ পৰা আহ্বান জনাইছে ।