নাজিৰাৰ শিমলুগুৰি লুথুৰীগাঁৱত দুষ্প্ৰাপ্য কাছ পোৱালি উদ্ধাৰ

নাজিৰাৰ শিমলুগুৰি লুথুৰীগাঁৱত দুষ্প্ৰাপ্য কাছ পোৱালি উদ্ধাৰ
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী  বাৰ্ত্তাসেৱা-    নাজিৰাৰ  শিমলুগুৰি লুথুৰীগাঁৱত বৃহস্পতিবাৰে বিয়লি এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ পোৱালি উদ্ধাৰ হয়। লুথুৰীগাঁৱৰ পথৰ ওপৰেদি পাৰ হৈ যোৱা অৱস্থাত স্হানীয় এজন লোকে কাছ টো উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে। বিহুবৰ খণ্ড বন কাৰ্য্যালয়ৰ লোক আহি কাছটো চমজি লৈ নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ বৰবৰুৱা পুখুৰীত মুকলি কৰি দিয়ে। বনবিভাগৰ লোকে জানিবলৈ দিয়া মতে কাছ পোৱালিটোৰ ওজন প্ৰায় ৩০০ গ্ৰাম ।