নাজিৰাৰ প্ৰান্তে প্ৰান্তে উলহ – মালহেৰে মে-ডাম-মে-ফি উদযাপন

নাজিৰাৰ প্ৰান্তে প্ৰান্তে উলহ – মালহেৰে মে-ডাম-মে-ফি উদযাপন
যদুমণি হাজৰিকা,নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা সৰ্বোদয় সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত নাজিৰাৰ চানবছাত   দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় মে – ডাম – মে – ফি উৎসৱ ।টাই আহোম সকলৰ  পৰম্পৰাগত ৰীতি অনুসৰি এই উৎসৱত তেখেতলোকে পূৰ্ব পুৰুষ সকলক স্মৰণ কৰি বিশ্ব শান্তিৰ বাবে প্ৰার্থনা জনায়। প্ৰৱীণ নাট্যকাৰ – অভিনেতা বিমান কোঁৱৰ আৰু সৰ্বোদয় সমাজৰ সভাপতি আচৰ্য্য বৰুৱাই পতাকা উত্তোলনেৰে আৰম্ভ কৰাৰ পিছতে মৈদাম তৰ্পণ কৰে লোকশিল্পী ধীৰেণ কোৱঁৰে । টাই আহোমৰ পৰম্পৰাগত বানফী অনুষ্ঠানৰ লগতে ছাত্ৰ – ছাত্ৰী আৰু ককা – আইতা সকলৰ মাজত চিত্ৰাংকন,  স্মৃতি পৰীক্ষা , কাবাডী আৰু ৰচী টনা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰে । যুৱ কাৰ্টুনিষ্ট ভাস্কৰ জ্যোতি মহন্ত , চিত্ৰ – ভাস্কৰ্য্য শিল্পীদ্বয় আলী হাইদৰ আৰু ৰুহিত বৰুৱাৰ প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে বিমান কোঁৱৰে । বিয়লি সৰ্বোদয় সমাজৰ সভাপতি আচৰ্য্য বৰুৱাৰ সভাপতিত্বত আৰু সম্পাদক বাস্তৱ জ্যোতি কোঁৱৰে আতঁধৰা মুকলি সভাৰ প্ৰাকমূহুত্বত শিল্পী লেখা ফুকনৰ পৰিচালনাৰে টাই ভাষাৰ কোৰাচ পৰিৱেশন কৰা হয়। সভাত   শিক্ষয়িত্ৰী ৰেণু গোৱালা , অধ্যাপক ডঃ জিতু  শইকীয়া , সুস্মিতা হাজৰিকা , সদৌ অসম নগা কল্যাণ সমিতিৰ সাধাৰণ সম্পাদক মাণ্টু কন্যাক , নাগালেণ্ড মন জিলাৰ সমাজসেৱী নাংফা কন্যাক , চিলমি বড়া, ৰিবুলয়া গগৈ , তুলসী কোঁৱৰ,  ফটিক গগৈ  , পংকজ মহন্ত ,নিৰুপমা দত্ত আদিকে ধৰি ভালেকেইজনে বিশিষ্ট অতিথিয়ে অংশ গ্ৰহণ কৰি মে – ডাম – মে – ফিৰ তাৎপৰ্য আৰু স্বৰ্গদেউ চাওল্যুং চুকাফাৰ ৰাজনৈতিক , সামাজিক আদিৰ শাসন ব্যৱস্থাৰ সন্দৰ্ভত বহুল ব্যাখ্যা দাঙি ধৰে । সভাতেই বিজয়ী প্ৰতিযোগিক বটাঁ সমূহ প্ৰদান কৰা হয়।  আনহাতে নাজিৰাৰ ৭ নং ৱাৰ্ডৰ ঘৰফলীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত উদযাপন কৰা হয় মে -ডাম – মে- ফি।  পুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানটো মলুঙ সকলৰ দ্বাৰা মাংগলিক ৰীতি-নীতিৰে পূজা অৰ্চনা কৰি বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়।