নাজিৰাৰ দৰিকাত মহিলা আৰু শিশু শিল্পীৰ দ্বাৰা ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান’ যাত্ৰা নাট মঞ্চায়ন 

নাজিৰাৰ দৰিকাত মহিলা আৰু শিশু শিল্পীৰ দ্বাৰা ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান’ যাত্ৰা নাট মঞ্চায়ন 

যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰাৰ দৰিকা কৈৱৰ্ত্ত গাঁও বাসীৰ উদ্যোগত সমূহ দৰিকা কৈৱৰ্ত্ত গাঁৱৰ মহিলা যুৱতী আৰু শিশু শিল্পী সকলৰ অভিনয়েৰে দৰিকা কৈৱৰ্ত্ত গাঁও নামঘৰত দেওবাৰে গুৰুজনাৰ অমৰ সৃষ্টি ‘ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান’ যাত্ৰা নাটৰ সফল মঞ্চায়ন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন কৰে সুধন দাস আৰু অতুল হাজৰিকাই। উদযাপন সমিতিৰ সভাপতি মনেশ্বৰ দাসে ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতে গছপুলি ৰোপন খগেশ্বৰ দাস আৰু অনিল দাসে। দুপৰীয়া নাম প্ৰসংগ, সন্ধিয়া পাৰ্থ সাৰথি সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা দিহানাম পৰিৱেশনেৰে মঞ্চ উদ্বোধন কৰাৰ পাছতে মূল নাটখনি মঞ্চস্থ কৰা হয়। নৰেন্দ্ৰ নাথ দাসৰ দ্বাৰা পৰিচালিত আৰু অনাতাঁৰ শিল্পী দিলীপ দাসৰ সংগীত ব্যৱস্থাপনাৰে গুৰুজনাৰ অমৰ সৃষ্টি ‘ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান’ শীৰ্ষক যাত্ৰা নাটভাগি সফলতাৰে মঞ্চস্থ কৰা হয়। স্থানীয় মহিলা আৰু শিশু শিল্পী সকলৰ সুন্দৰ অভিনয়ে আপ্লুত কৰে দৰ্শক সকলক।সমূহ কাৰ্যসূচীতে ৰাইজৰ সহযোগিতাৰে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আয়োজক সমিতিৰ সভাপতি মনেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক উপেন দাসে কৃতজ্ঞতা শৰাই আগবঢ়ায় ।