নাজিৰাৰ গেলেকীত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী উদযাপন

নাজিৰাৰ গেলেকীত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী উদযাপন
যদুমণি হাজৰিকা, নাজিৰা ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত মৰাণবাৰী প্ৰাথমিক বিদ্যালয়ত ২৮ মাৰ্চত  মৰাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত ৭৯১ নং আদপুৰীয়া প্ৰাথমিক বিদ্যালয় আৰু পিয়লি ফুকন প্ৰাথমিক বিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি গেলেকীৰ ন -পুখুৰী শাখা সাহিত্য সভাৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিজয়ী ছাত্ৰ ছাত্ৰীসকলক সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। তাৰোপৰি তিনিওখন বন্ধু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন খেল-ধেমালি, প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি, দিহানাম, পঠন লিখনৰ কৰ্মশালাও অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত গেলেকী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক অজিত ফুকন, নামদাং মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জ্যোতি ফুকন, ন- পাম বাৰুৱতী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিতেশ্বৰ কোঁৱৰ, ন-পুখুৰী শাখা সাহিত্য সভাৰ সম্পাদিকা দীপালী দুৱৰা,  আদপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মতৰাম কোঁৱৰ, পিয়লি ফুকন  প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিৰু বৰগোহাঁই, মৰাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নয়নজ্যোতি বৰঠাকুৰ, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত গগৈকে  প্ৰমূখ্য কৰি শিক্ষক শিক্ষয়িত্ৰী সকল,স্থানীয় ৰাইজ, অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।  ছাত্ৰ-ছাত্ৰী সকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন আৰু শেষত বঁটা বিতৰণী আনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰে।