নাজিৰাৰ অ’ এন জি চিত বাঘৰ আতংক : নিশা পিঞ্জৰাবদ্ধ কৰে বন বিভাগে

নাজিৰাৰ অ’ এন জি চিত বাঘৰ আতংক : নিশা পিঞ্জৰাবদ্ধ কৰে বন বিভাগে

যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰাস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অসম সম্পদৰ মূখ্য কাৰ্যালয়ত এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণকলৈ আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। পৰহি নিশাৰ ভাগত অ’ এন জি চি অসম সম্পদৰ পৰিচালন সঞ্চালকৰ কাৰ্যালয়তে এটা নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণৰ তথ্য চি চি টি ভিত ধৰা পৰাত হুৱাদুৱা লাগে নিগমৰ ভিতৰ চ’ৰাত। কালি দিনৰ ভাগতো নিগমৰ কাৰ্যালয়ৰ বিভিন্ন এলেকাত বাঘটোৰ বিচৰণ দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ বন বিভাগৰ এটা দল অঞ্চলটোত উপস্থিত হৈ নিশা অতি কৌশলেৰে এটা গুডাম ঘৰত বাঘটোক আৱদ্ধ কৰি এটা পিঞ্জৰা স্থাপন কৰাত কালি মাজনিশা বাঘটো পিঞ্জিৰাবদ্ধ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বেও নিগমৰ আৱাসিক এলেকাত দুটাকৈ নাহৰফুটুকী বাঘ বন বিভাগে পিঞ্জিৰাবদ্ধ কৰে । এই লৈ অঞ্চলটোত এতিয়াও আতংকই বিৰাজ কৰিছে। পিঞ্জিৰাবদ্ধ বাঘটো আজি নাজিৰা পশু চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাই অভয়াপুৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে বন শিৱসাগৰ জিলা বন বিভাগে ।