নাজিৰাত সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ জন্মদিৱস উদযাপনৰ প্ৰস্তুতি

Pc Wikipedia

নাজিৰাত সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ জন্মদিৱস উদযাপনৰ প্ৰস্তুতি

যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা ফুটবল একাদশৰ উদ্যোগত আৰু নাজিৰাবাসী ৰাইজৰ সহযোগত ৮ চেপ্তেম্বৰত নাজিৰাস্থ এম.চি. ক্লাৱত সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্ম দিৱসটি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে। উক্ত দিনা কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ আৰু সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনৰে আৰম্ভনি কৰাৰ পিছতেই দিনৰ ১১ বজাত ছাত্ৰ -ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ১২ বজাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, বিয়লি ২ বজাত মুকলি সভা আৰু বটা বিতৰণীৰে অনুষ্ঠানৰ সামৰণি পৰিব। অনুষ্ঠানভাগিত নাজিৰাবাসী ৰাইজৰ দিহা- পৰামৰ্শ, সহায় সহযোগিতা কামনা কৰিছে আহ্বায়কমণ্ডলীয়ে।