নাজিৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত দহ হাজাৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰ ঊনৈশ কোটি টকাৰ সাহাৰ্য্য প্ৰদান

নাজিৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত দহ হাজাৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰ ঊনৈশ কোটি টকাৰ সাহাৰ্য্য প্ৰদান
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৩ডিচেম্বৰত নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত পৰিয়াল সমূহৰ ঘৰ-দুৱাৰৰ টিনপাত,শ শ বিঘা কৃষিভূমি,খাদ্যসামগ্ৰী অনিষ্ট হোৱাৰ সমান্তৰালকৈ শিক্ষানুষ্ঠান, স্বাস্থ্যকেন্দ্ৰ,অংগনবাড়ী কেন্দ্ৰ সমূহৰো অনিষ্ট সাধন হৈছিল। শিলাবৃষ্টিত  ক্ষতিগ্ৰস্ত এই দুৰ্ভগীয়া পৰিয়াল সমূহক মংগলবাৰে নাজিৰাৰ মেকিপুৰত মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰ ঊনৈশ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰা হয়।দহ হাজাৰ পৰিয়ালৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰ ঊনৈশ কোটি টকাৰ সাহাৰ্য্য বিতৰণ কৰা হয়। প্ৰবল শিলাবৃষ্টিৰ ফলত নাজিৰা সমষ্টিৰ প্ৰায় ১৮খন পঞ্চায়তৰ হাজাৰ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল।কেঁচা গৃহৰ বাবে বাৰ হাজাৰ,পকী গৃহৰ বাবে চৈধ্য হাজাৰ পাঁচশ টকা,স্কুলৰ বাবে দুই লাখ টকা,অংগনবাড়ী আৰু স্বাস্থ্যকেন্দ্ৰৰ বাবে সৌত্তৰ হাজাৰ টকা,ধানখেতি আৰু বামখেতিৰ বাবে আঠ হাজাৰ পাঁচশ টকাকৈ শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত লোকক মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজি প্ৰদান কৰা হয়।শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত পৰিয়ালে মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজি লাভ কৰি ধন্যবাদ জ্ঞাপন কৰে অসম চৰকাৰক।এই অনুষ্ঠানত উপস্থিত থাকে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই,শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগকে আদি কৰি ৰাজহচক্ৰ বিষয়া উপস্থিত থাকে।