নাজিৰাত ভাওনা সমাৰোহ ২০২৪ ৰ লাইখুঁটা স্থাপন

নাজিৰাত ভাওনা সমাৰোহ ২০২৪ ৰ লাইখুঁটা স্থাপন
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- কপিধ্বজৰ উদ্যোগত তথা নাজিৰাবাসী ৰাইজৰ সহযোগত অহা ২ ৰপৰা ৯ জানুৱাৰী ২০২৪ লৈ নাজিৰা লিগিৰীপুখুৰী খনিকৰ গাঁও শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত আয়োজিত সদৌ অসম ভাওনা সমাৰোহ ২০২৪ ৰ  লাইখুঁটা  ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে কালি স্থাপন কৰা হয়। ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে এই সমাৰোহৰ লাইখুঁটা স্থাপন কৰে বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ ইন্দুভূষণ মহন্তই। অসমৰ বিভিন্ন স্থানৰ মুঠ ১৪ টা ভাওনা দলে অংশগ্ৰহণ কৰিব লগা এই ভাওনা সমাৰোহৰ শেষৰ দিনা স্থানীয় ৬০ ৰ উৰ্ধৰ ব্যক্তি সকলে পৰিবেশন কৰিব আন এখনি ভাওনা দ্ৰোণপৰ্ব অভিমন্যু বধ। প্ৰতিযোগিতা খনিত সদৌ নাজিৰা বাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সকলে। ইফালে প্ৰতিযোগিতা আৰু সাংস্কৃতিক বিভাগৰ সম্পাদক উজ্জ্বল খনিকৰে জানিবলৈ দিয়া মতে প্ৰতিদিনে দুখনকৈ সৰ্বমুঠ ১৪ টি ভাওনা দলে প্ৰতিযোগিতা খনিত যোগদানৰ নিশ্চিতি প্ৰদান কৰিছে।