নাজিৰাত জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ ৫৭৫ তম আৰ্বিভাৱ মহোৎসৱ পালন : হৰি নামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা, গেলেকীৰ বৃহত্তৰ অঞ্চল

নাজিৰাত জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ ৫৭৫ তম আৰ্বিভাৱ মহোৎসৱ পালন : হৰি নামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা, গেলেকীৰ বৃহত্তৰ অঞ্চল
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- এক শৰণ হৰি নাম ধৰ্ম প্ৰতিষ্ঠা কৰি বিশ্বজনীন চিন্তা – চেতনাৰে বৈচিত্ৰপূৰ্ণ অসম আৰু অসমীয়া জাতি – জনগোষ্ঠীক একেডাল ভক্তি এনাজৰিৰে বান্ধি অসমীয়াক বিশ্বৰ ভিতৰত গঢ়ি থৈ যোৱা জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ ৫৭৫ তম আৰ্বিভাৱ মহোৎসৱ ভাগি সমগ্ৰ বিশ্ব তথা অসমৰ লগতে নাজিৰাৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয় । শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ নাজিৰা জিলা শাখা অন্তৰ্গত  সূৰ্যোদয় প্ৰাথমিক শাখাই আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে । পুৱা ধৰ্মধ্বৰ্জা উত্তোলন , ভাগৱত ভ্ৰমণ , নাম প্ৰসংগ , দিহা নামৰ  ভক্তিৰসেৰে সমগ্ৰ অঞ্চল দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈ পৰে ।আনহাতে নাজিৰা মহকুমাৰ আঠখেল মৌজাৰ ১২৭ ভাগী নামঘৰৰ ভকত – বৈষ্ণৱৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে ২৩ ,২৪ ছেপ্টেম্বৰত  দুদিনীয়া কাৰ্যসূচীৰে গেলেকী দোলাকাষৰীয়া গাৱঁৰ জাপিসজীয়া বৰনামঘৰত গুৰুজনাৰ আৰ্বিভাৱ মহোৎসৱ পালন কৰে । প্ৰথমদিনা পৰিৱেশ নিকাকৰণ , বৃক্ষ ৰোপণ , ধৰ্মধ্বজ্জা উত্তোলন , ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত হয় । দ্বিতীয় দিনা গুৰুজনাৰ আৰ্বিভাৱ পৰ্ব ও জাগৰণ , নাম প্ৰসংগ , ভাগৱত ভ্ৰমণৰ পিছতে আয়োজক সমিতিৰ সভাপতি চুচন চন্দ্ৰ গগৈৰ সঞ্চালনাত ” বৰ্তমান সমাজ ব্যৱস্থাত নৱ প্ৰজন্মৰ ওপৰত গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰাসংগিকতা ” শীৰ্ষক ধৰ্মালোচনী সভাত মৌজাদাৰ মনোভিৰাম বৰুৱা,  শ্ৰী শ্ৰী কাটনীপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ নিত্যানন্দ মহন্ত , সোমেশ্বৰ তাছাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে । প্ৰফুল্ল গগৈয়ে উদ্বোধন কৰা ধৰ্মালোচনী সভাত শৈশৱ শইকীয়া , সুভাষ ৰাজখোৱা , মহেন্দ্ৰ ভূঞাই আলোচক হিচাপে বিষয়ৰ ওপৰত আলোকপাত কৰে । সন্ধিয়া নামতিৰ আলোক সন্ধানী সাংস্কৃতিক কেন্দ্ৰৰ শিল্পী সকলৰ দ্বাৰা ” সাৱিত্ৰী সত্যৱান ” নাট ভাওনা পৰিৱেশন কৰা হয় ।