নাজিৰাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
একেদিনাই ছখনকৈ বিদ্যালয়ৰ নতুন আন্ত:গাঁথনি প্ৰকল্পৰ শুভাৰম্ভণি
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ছখন বিদ্যালয়ৰ নতুন আন্ত:গাঁথনি প্ৰকল্পৰ শুভাৰম্ভণি কৰে । উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, বদ্ৰিদাস মোদি গেলেকী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়, ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয় আৰু লিগিৰীপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সমগ্ৰ শিক্ষা,অসমৰ ২০২৪-২৫ বৰ্ষৰ আৱন্টিত পুঁজিৰে নিৰ্মাণ হ’বলগীয়া দুটাকৈ অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ সাংসদ উন্নয়ন পুঁজিৰে নিৰ্মাণ হ’বলগীয়া মেজেংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি নতুন গৃহ আৰু চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটি নতুন শ্ৰেণীকোঠাৰ আধাৰশিলাও স্থাপন কৰে । এই আধাৰশিলা স্থাপন কাৰ্যসূচীসমূহত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই তথা বিদ্যালয়কেইখনৰ শিক্ষক-শিক্ষয়িত্ৰীবৰ্গ, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ।