নাজিৰাত কংগ্ৰেছৰ ” য়ুথ জোড়ো যাত্ৰা”

নাজিৰাত কংগ্ৰেছৰ ” য়ুথ জোড়ো যাত্ৰা”
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে শাসক – বিৰোধীৰ প্ৰাক – নিৰ্বাচনীৰ শক্তি প্ৰদৰ্শন । ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ নেৰ্তৃত্বত সমগ্ৰ দেশতে ” ভাৰত জোড়ো যাত্ৰা ” ই সমগ্ৰ দেশতে আলোড়ন সৃষ্টি কৰি শাসক পক্ষক জোঁকাৰণি দিয়াৰ পাছত এইবাৰ অসমত প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত ” য়ুথ জোড়ো যাত্ৰা ” আৰম্ভ হৈছে । ইতিমধ্যে ৰাজ্যৰ বহু কেইখন জিলাত এই যাত্ৰা সফলতাৰে সম্পন্ন কৰি আজি নাজিৰাত হোৱা ” য়ুথ জোড়ো যাত্ৰা ” পদযাত্ৰাই কঁপাই তুলিলে শিমলুগুৰি – নাজিৰা নগৰক। শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত ৰোহিতেশ্বৰ শইকীয়া সোৱঁৰণি নাট্য মন্দিৰ প্ৰাংগনৰ পৰা শুভাৰম্ভ হোৱা এই পদযাত্ৰাত শত সহস্ৰাধিক যুৱ , মহিলা আৰু কংগ্ৰেছ নেতা – কৰ্মীয়ে অংশগ্ৰহণ কৰা দলটোৱে শিমলুগুৰিৰ পৰা নাজিৰা নগৰলৈ পদযাত্ৰা কৰি নাজিৰা নাট্য মন্দিৰ প্ৰাংগনত এখনি সভা অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডঃ স্মৃতি ৰঞ্জন লেংগা , অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ আলম মজুমদাৰ , উপ – সভাপতি ডেভিদ ফুকন , শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি অংশুমান বৰুৱা , শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জীৰ গগৈ , অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক লক্ষীনাথ সন্দিকৈ , নাজিৰা ব্লক কংগ্ৰেছৰ সভাপতি সভাৰাম গগৈ , ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী টুলুমণি কোঁৱৰ , সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি অংশুমান বৰগোঁহাইৰ লগতে শতাধিক দলীয়  নেতা উপস্থিত থাকে।