নাজিৰাত অগ্নিনাভ মন্দিৰৰ চৌপাশে গঢ় লোৱা ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ পৌৰসভাৰ নিষিদ্ধ পাৰ্কিং

নাজিৰাত অগ্নিনাভ মন্দিৰৰ চৌপাশে গঢ় লোৱা ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ পৌৰসভাৰ নিষিদ্ধ পাৰ্কিং

যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা নগৰত গঢ় লৈ উঠা এটি শিৱ মন্দিৰত আৰাধনাৰ বাবে নিতৌ হাজাৰোধিক লোকৰ আগমণ হোৱা আৰু সামাজিক মাধ্যমতো ভক্তৰ অংশ গ্ৰহণৰ বাবে তীব্ৰ উৎসাহ উদ্দীপনা সৃষ্টি হৈ অহা ৰাইজ তথা চ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰী নাগৰিক সমাজে লক্ষ্য কৰি আহিছে । নাজিৰা নগৰৰ ২ নং ৱাৰ্ডৰ ঐতিহাসিক বৰবৰুৱা পুখুৰীৰ পূব দিশত গেলেকী আলিৰ কাষতে গঢ় লৈ উঠা এই অগ্নিনাভ শিৱ মন্দিৰত নিতৌ অসমৰ উজনি আৰু নামনিৰ ভিন্ন প্ৰান্তৰৰ পৰা বৃহৎ সংখ্যক লোকৰ সমাগম ঘটি আহিছে । শিৱসাগৰ জিলা খনৰেই মুখ্য কেন্দ্ৰ স্থল ঐতিহাসিক শিৱদ’ল আৰু ইয়াক কেন্দ্ৰ কৰি আন্তঃ ৰাষ্ট্ৰীয় শিৱ মহোৎসৱ উদযাপন হৈ অহাৰ সময়ত নাজিৰাতো শিৱ মন্দিৰলৈ ভক্তৰ বৃহৎ সমাগমত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰে । আনহাতে পৱিত্ৰ মন্দিৰলৈ অহা দূৰ-দূৰণিৰ শ শ লোকৰ নিতৌ গোট খোৱা যান-বাহন সমূহ ৰখাবলৈ উপযুক্ত পাৰ্কিং ব্যৱস্থাৰ অভাৱে ক্ষুদ্ৰ আৰু অনগ্ৰসৰ হৈ ৰোৱা নাজিৰা নগৰত সৃষ্টি কৰিছে তীব্ৰ যান-জঁটৰ । ইয়াৰ পৰিণতিতে মন্দিৰৰ সমুখৰ ৰাজপথ বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ৰাইজে তীব্ৰ সমস্যাৰ মুখামুখি হৈ আহিছে । বিশেষকৈ গেলেকী, বামুনপুখুৰী, চকীমুখৰপৰা নাজিৰা নগৰ তথা শিৱসাগৰ অভিমুখে আহিবলৈ ধৰা যান-বাহন সমূহ যান – জঁটত পৰি কোনো সময়ত এঘণ্টা পৰ্য্যন্ত ৰৈ যোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে । বিশেষকৈ নাজিৰাৰ লিগিৰীপুখুৰীত থকা কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ যোৱা আৰু উল্লেখিত অঞ্চল সমূহৰপৰা ৰোগী কঢ়িয়াই অনা এম্বুলেন্স এই স্থানত বাৰে বাৰে আৱদ্ধ হৈ পৰাত ৰোগীসহ আত্মীয়সকলে দুৰ্ভোগ ভূগিব লগীয়া হৈছে । ইফালে এক ব্যক্তিগত ভূমিত গঢ়ি উঠা পৱিত্ৰ মন্দিৰটিৰ কৰ্তৃপক্ষই স্বেচ্ছাসেৱক নিয়োগ কৰি ৰাখিছে যদিও যান বাহনৰ ভিৰৰ লগতে ভক্তৰ ভিৰৰ সময়ত স্বেচ্ছাসেৱকৰ প্ৰচেষ্টা অতি দুৰ্বল হৈ পৰে । এই বিষয়ত নাতিদূৰতে থকা নাজিৰা পৌৰসভাৰ কৰ্তৃপক্ষৰ সৈতে পৱিত্ৰ মন্দিৰৰ চৌহদৰ গৰাকীয়ে আলোচনাত মিলিত হৈছে যদিও সমস্যা সমস্যা হৈয়ে ৰোৱাত পৌৰসভাই আজি দুপৰীয়াৰ ভাগত ৰাজপথৰ ওপৰত সংশ্লিষ্ট স্থানত যান-বাহনৰ পাৰ্কিং নিষিদ্ধ কৰিছে । কেৱল সেয়ে নহয় মন্দিৰটিৰ সেৱাৰ্থী সকলৰ সুবিধাৰ বাবে নৈৰ্বেদ্যৰ সামগ্ৰী তামোল পাণ, ফুল, তেল, চাকি, ধূপ শলিতা আদিৰ বিক্ৰীৰ বাবে গঢ় লৈ উঠা পথৰ কাষৰ প্ৰায় কুৰিৰোধিক অধিক ক্ষুদ্ৰ ব্যৱসায়ীক সংশ্লিষ্ট স্থানত পথৰ ওপৰৰপৰা তেওঁলোকৰ ব্যৱসায় সমূহ তুলি নিবলৈ নিৰ্দেশ দিয়ে । পৌৰসভাৰ এই পদক্ষেপৰ পাছতে নাজিৰাৰ পৌৰপতি বৰ্ণালী চেতিয়াৰ সৈতে যোগাযোগ কৰাত স্থানীয় আবাসী, পথৰ যাত্ৰী, জন প্ৰতিনিধি, প্ৰশাসনীয় লোক, প্ৰমুখ্যে যান-জঁটত ভূক্তভোগী ভিন্নজন লোকে সুকীয়া সুকীয়াকৈ দিয়া অভিযোগৰ পাচত পৌৰ-প্ৰশাসনে এনে পদক্ষেপ ল’বলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমক কয় । একাংশ অসচেতন লোকে প্লাষ্টিকৰ পানীৰ বটল, চীপচৰ পলিথিন, কাপোৰৰ টেপোলা, শিশুৰ বৰ্জিত পেম্পাৰচ আদি বৰবৰুৱা পুখুৰীলৈ নিক্ষেপ কৰি পৰিৱেশ লেতেৰা কৰাৰ অভিযোগ উঠিছে । আনহাতে ঐতিহাসিক বৰবৰুৱা পুখুৰীৰ পাৰতে অৱস্থিত নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়, লোক-নিৰ্মাণ বিভাগৰ কাৰ্য্যালয়, নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ কাৰ্য্যালয়, নাজিৰা চাৰ্কিট হাউচ আৰু সবাৰোপৰি নাজিৰাৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ আহ-যাহৰ পথো ভক্তৰ বহু যান-বাহনে ৰূদ্ধ কৰি পেলোৱাৰ সমস্যাত মহকুমাধিপতিৰ কাৰ্য্যালয়ো আক্ৰান্ত বুলি বাতৰি পোৱা গৈছে । ৰাজ্যৰ ভিন্ন স্থানৰ লোকৰ নাজিৰালৈ আগমণত ৰাইজ উৎফুল্লিত হোৱাৰ সময়ত এক বিশেষ লক্ষ্যত সমবেত হোৱা ৰাইজৰ ভিৰ তথা যান-বাহনৰ পাৰ্কিঙৰ বাবে স্থান দিব নোৱাৰাটো নাজিৰা নগৰৰ অনগ্ৰসৰতা তথা দুৰ্বল আন্তঃগাথনিহে বুলি সচেতন মহলে ক’ব খোজে ।