নাজাননে নাৰী মানে কি! – আয়নাল হক

PC - Kotart
নাজাননে নাৰী মানে কি!
 আয়নাল হক, ধুবুৰী 
নাৰীক অসন্মান কৰি
নাৰীক নিৰ্যাতন দি
নিজকে কোনো মাতৃৰ সন্তান বুলি
কেনেকৈ দিব পাৰ চিনাকি ?
কিয় পাহৰ নাৰী মানে কি ?
নাৰীয়েই সৃষ্টি
নাৰীয়েই শক্তি
নাৰীয়েই সমাজৰ অমল স্বাভিমান ।
কিয় পাহৰ
নাৰীক কৰা অপমানৰ পৰিণতিত
কেনেকৈ জ্বলে জুই ?
ইতিহাসে সাক্ষী আছে
নাৰীক কৰা লাঞ্ছনাই
কিদৰে আনিছিল ধ্বংস মাতি !
সীতা হৰণে কৰিছিল লংকা চাৰখাৰ
দ্ৰৌপদীৰ বস্ত্ৰ হৰণে আনিছিল কৌৰৱৰ সমাপ্তি
ইমানতো তহঁতৰ নাহে কিয় সুমতি ?
পদে পদে নাৰীৰ সতীত্বক ভৰিৰে মোহাৰি
কাক চিনাকি দিয় নিজৰ মাতৃ বুলি ?
আছে নাই তহঁতৰ ভাই-ভনী ?
নিজৰ মঙহ টুকুৰা কোনোবাই ছিঙিলে
পাৰিবিনে সহিব সেই যন্ত্ৰণা ?
তোৰ মাতৃও যদি হয় ধৰ্ষিতা
সহিব পাৰিবিনে সেই মনোবেদনা ?
তেনে কিয় বাৰে বাৰে
নাৰীৰ লজ্জাৰ আভৰণ খুলি
পৈশাচিক উল্লাসত হ’ব পাৰ মতলীয়া ?
পৃথিৱীয়ে পাপৰ বোজা
আৰু নোৱাৰে বহন কৰিব
অচিৰেই আহিব
মানৱ সভ্যতাৰ যৱনিকা–!
তহঁতেই নমালি পৃথিৱীত কাল অমানিশা
তহঁতেই নমালি পৃথিৱীত কাল অমানিশা…।