“নাচনীৰ হাতৰ জেতুকা”
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
বলিয়া ফাগুনক বিদায় দি লঠঙা গছৰ ডালে ডালে সেউজীয়া কুঁহিপাতৰ পয়োভৰ।নাচনীৰ খোপা শুৱনি কৰিবলৈ নাহৰ,তগৰ,কপৌ ফুলবোৰে লহপহকৈ বাঢ়ি সাজু হৈছে।ঢোল,পেঁপা,গগনা আদি সকলোৰে গাত তৰণি নাই।ঘৰৰ পিছফালে জোপোহা হৈ সেউজীয়া পাতেৰে ভৰপূৰ জেতুকা জোপাইয়ো নাচনীৰ হাতত ৰঙেৰে বুলাবলৈ উত্তেজিত।
চ’তৰে শেষৰ গৰু বিহুৰ দিনা
জেতুকা ছিঙোগৈ ব’লা,
আমি গাভৰুৱে সৱে একেলগে
দুহাত ৰঙেৰে বুলাওঁ আহা।
চ’তৰ শেষৰ গৰু বিহুৰ দিনা আবেলি পৰত গাঁৱৰ গাভৰু একেলগ হৈ জেতুকা পাত পটাত পিহি দুহাত বুলাই লয়।জেতুকাৰ ৰং বেছি উজ্জ্বল হ’বৰ বাবে জেতুকা পাতৰ লগত কেঁচা হালধি,থেকেৰা টেঙা,বৰহমথুৰিৰ কুঁহিপাত,পকা পাণ আদি মিহলাই মিহিকৈ পিহি হাতৰ তলুৱাত লগাই এৰা গছৰ পাত বা কলপাত দি ৩/৪ ঘণ্টা মান বান্ধি ৰাখিলে উজ্জ্বল ৰং ধৰে।জেতুকাৰ ৰং ৰঙা বা কমলা ৰঙৰ হয়।বেছি উজ্জ্বল হ’বৰ বাবে ৰাঙলী বা কলি গাইৰ গাত হাতখন সানিব লাগে বুলিয়ো অতীজৰে পৰা মুখে মুখে চলি আহিছে।মিহি হ’বৰ বাবে মিঠাতেল ব্যৱহাৰ কৰিব পাৰি।হাতৰ উপৰিও ভৰিৰ গোৰোহা,ভৰিৰ তলুৱা,নখ আদিতো গৰু বিহুৰ দিনা জেতুকাৰ প্ৰলেপ দিলে বহু ৰোগৰ পৰাও পৰিত্ৰাণ পাই বুলি বিশ্বাস কৰে।যেনে- নখচুকীয়া,চালৰ ৰোগ আদি।জেতুকাৰ বহুত ঔষধি গুণাগুণো আছে।এঁৱা ভঙা,উচ্চ ৰক্তচাপ,চুলি পকা আদি ৰোগৰ পৰাও জেতুকা ব্যৱহাৰ কৰি উপশম পোৱা যায়।
পহিলা ব’হাগৰ দিনাৰ পৰাই হাতত জেতুকাৰ বুলেৰে জিলিকাই ঢোলৰ চাপৰত নাচনীৰ নাচোন ভংগীয়ে প্ৰাণ পাই উঠে।সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ঘৰে ঘৰে হুচৰি গায়।নাচনীৰ উপৰিও জীয়ৰী-বোৱাৰী সকলোৱে গৰু বিহুৰ দিনা ৰাতিলৈ জেতুকা লয়।এই পৰম্পৰা অসমীয়া সমাজত অতীজৰে পৰা চলি আহিছে।জেতুকাৰ লগত অসমীয়াৰ বাপতি-সাহোন বিহুটি ওতপ্ৰোতভাৱে জড়িত আছে।অসমীয়া লোক-সংস্কৃতিত জেতুকাক অধিক গুৰুত্ব প্ৰদান কৰা হয়।পৰিৱৰ্তনৰ ধামখুমীয়াত কিছুলোকে সতেজ জেতুকা ব্যৱহাৰ নকৰি বজাৰত উপলব্ধ মেহেন্দি ক্ৰয় কৰি হাতত নানা ধৰণৰ নক্সা আঁকি লয়।
জেতুকাৰ ৰঙেৰে দুহাত বুলাব নোৱাৰিলে গাভৰুৰ হাত দুখন উকা উকা লাগে।চৌদিশ ফুলে-ফলে জাতিষ্কাৰ ৰঙালী বিহুত গাভৰুৱে নাচি বাগি আনন্দ কৰে।ঘৰে ঘৰে বিহু কৰাৰ উপৰিও গছৰ তলত বিহু কৰে।বিশ্বাস কৰে জেতুকাৰ ৰঙেৰে দুহাত উজ্জ্বলি সকলোৰে জীৱনলৈ ৰঙৰ বতৰা কঢ়িয়াই আনিব।অসমীয়া সমাজ জীৱনত জেতুকা নাচনীৰ অপৰিহাৰ্য অংগ। আ-অলংকাৰ, সাজ-পোচাক পৰিধান কৰিলেই নাচনীজনী সম্পূৰ্ণ নহয়।ৰাংঢালী নাচনী জেতুকাৰ অবিহনে অসম্পূৰ্ণ।