আমাৰ দেশৰ কোটি কোটি জনগণৰ তীব্ৰ বাধা নেওচি বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৯ চনত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনখন ( CAA) বলপূৰ্বক ভাবে দেশৰ জনতাৰ ওপৰত জাপি দিছিল। এই আইনখনৰ জৰিয়তে সংবিধানত সন্নিৱিষ্ট ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি আমাৰ প্ৰতিৱেশী দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ কোনো প্ৰমাণ-পত্ৰ নোহোৱাকৈ অনুপ্ৰৱেশ কৰা হিন্দু , জৈন, শিখ আদি ধৰ্মৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। নিঃসন্দেহে এই আইনখন আছিল ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা ধৰ্ম-নিৰপেক্ষতা (Secularism) আৰু মৌলিক অধিকাৰ মতে সকলো ধৰ্মাৱলম্বী লোক সকলৰ ভাৰতত সম মৰ্য্যাদা লাভ নীতিৰ বিৰুদ্ধে এক বৈষম্যমূলক আইন। যাৰ ফলত এই আইনখনৰ বিৰুদ্ধে গোটেই ভাৰততে সংখ্যালঘু মুছলিম আৰু প্ৰগতিশীল মানৱতাবাদী চিন্তাধাৰাৰ মানুহে প্ৰবল ভাবে প্ৰতিবাদ কৰি গণ-বিপ্লৱৰ সূচনা কৰিছিল। আমাৰ অসমতো ” নাগৰিকত্ব সংশোধনী আইন”খনে অসম চুক্তিৰ কেইবাটাও ধাৰাৰ বিৰুদ্ধে যোৱাৰ বাবে বিশেষকৈ এন আৰ চি সম্পূৰ্ণ নকৰাকৈয়ে এই আইনখন অসমত জাপি দিয়াৰ ফলত প্ৰতিৱেশী বাংলাদেশৰ পৰা অসমলৈ অহা লাখ লাখ হিন্দু শৰণাৰ্থীয়ে ভাৰতৰ নাগৰিকত্ব লাভ কৰি অসমৰ জনগাঁথনিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰি সদৌ অসম ছাত্ৰ সন্থা তথা তথা গণতান্ত্ৰিক ভাৱাপন্ন ৰাজনৈতিক দলৰ নেতৃত্বত এক জংগী আন্দোলন গঢ়ি উঠিছিল। অসমৰ ধুবুৰীৰ পৰা সদিয়ালৈকে লাখ লাখ মানুহে ৰাজপথত নামি গণ-সমাৱেশ, ৰেলি উলিয়াইছিল। অসম বন্ধ ঘোষণা কৰি গোটেই ৰাজ্যখন স্তব্ধ কৰি তুলিছে। ফল শ্ৰুতিত পুলিচৰ সৈতে আন্দোলনকাৰীৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাত খোদ গুৱাহাটী নগৰৰ মাজ মজিয়াত পাঁচজন কিশোৰে পুলিচৰ গুলিত প্ৰাণ হেৰুৱায় আৰু বহুতে আঘাতপ্ৰাপ্ত হয়।
এপিনে আকৌ অসম চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন ৰাজ্যত প্ৰচলিত কৰিবলৈ উঠি পৰি লাগিছে, আনপিনে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি আন্দোলন কৰাৰ হুংকাৰ দিছে। এই ক্ষেত্ৰত এষাৰ কথা কব পাৰি,এই আন্দোলন যাতে জংগী আন্দোলনলৈ অৱনমিত নহৈ অহিংস আন্দোলন বা আইনী প্ৰক্ৰিয়াৰে অবিৰতভাৱে সংগ্ৰাম চলাই যোৱা উচিত হ’ব ; অন্যথা জনতাৰ মৰ্মবেদনা উপলব্ধি কৰিব নোৱাৰা এই উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক আদৰ্শৰ ভিত্তিত গঢ়ি উঠা ফেচিষ্ট চৰকাৰৰ নিৰ্দেশত পুলিচ বাহিনীয়ে নিৰীহ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু সাধাৰণ মানুহৰ ওপৰত নিৰ্বিচাৰ নিৰ্যাতন চলাই অসমৰ বুকুত তেজৰ বন্যা বোঁৱাই দিব পাৰে।