নাগৰিকত্ব আইনৰ ৬(ক)নং ধাৰা বৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰঃচিপিআই(এম)ৰ আদৰণি

নাগৰিকত্ব আইনৰ ৬(ক)নং ধাৰা বৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰঃচিপিআই(এম)ৰ আদৰণি
এতিয়া ‘কা’ৰ প্ৰয়োগ ততালিকে বন্ধ কৰক

ৰঙিলী বাৰ্ত্তাসেৱা- দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইন,১৯৫৫ৰ ৬(ক) ধাৰা বৈধ ঘোষণা কৰি যি ৰায় দিছে তাক চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে আদৰণি জনাইছে।অসম চুক্তিত ১৯৭১চনৰ ২৫ মাৰ্চক অবৈধ বিদেশী চিনাক্তকৰণৰ সময়সীমা হিচাপে যে নিৰ্ধাৰণ কৰা হৈছে তাক আইনী ৰূপ দিবলৈ দেশৰ সংসদে ১৯৮৫ চনৰ ডিচেম্বৰত নাগৰিকত্ব আইন,১৯৫৫ত ৬(ক) ধাৰা সংযুক্ত কৰিছিল। এই ধাৰা অসাংবিধানিক বুলি ঘোষণা কৰাৰ আবেদন জনাই কিছুমান সংগঠনে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল।গোচৰটোৰ অসমৰ সমাজ জীৱনত পৰিব পৰা সম্ভাব্য প্ৰভাৱ সম্পৰ্কে লক্ষ্য ৰাখি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়েও পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ত হস্তক্ষেপ আৱেদন (Intervention Application IA No.26869/2023) ৰ জৰিয়তে অন্তৰ্ভুক্ত হৈ ১৯৭১চনৰ সময়সীমাৰ যুক্তিযুক্ততা লিখিত বক্তব্যৰ জৰিয়তে দাঙি ধৰিছিল। উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে সকলো দিশ বিবেচনা কৰি আজি যি ৰায় প্ৰদান কৰিছে তাক সুচিন্তিত আৰু বাস্তৱসন্মত বুলি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে অভিমত প্ৰকাশ কৰিছে। ১৯৭১চনৰ সময়সীমা সংবিধানসন্মত বুলি ঘোষণা কৰাৰ পাছত অকণো পলম নকৰাকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এনআৰচি)ৰ চূড়ান্ত তালিকা সূচিত(notify) কৰাৰ জৰিয়তে এনআৰচি চূড়ান্তকৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰা উচিত। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পৰিপ্ৰেক্ষিতত অসমত ‘কা’ ৰ প্ৰয়োগ ততালিকে বন্ধ কৰা উচিত বুলি চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে বিবেচনা কৰে।