‘নাগাৰা সূৰ্য’ ৰামচৰণ ভৰালীৰ দেহাৱসান

 ‘নাগাৰা সূৰ্য’ ৰামচৰণ ভৰালীৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আন এক বেয়া খবৰ। নাগাৰা নামৰ বিশিষ্ট শিল্পী মোহন ভাইৰা বঁটাপ্ৰাপক, নাগাৰা সূৰ্য ৰামচৰণ ভৰালীয়ে। ওৰেটো জীৱন অসমৰ অন্যতম প্রাচীন লোকসংস্কৃতি নাগাৰা নামৰ লগত জড়িত হৈ জগত জিনা নলবাৰী জিলাৰ কুমাৰীকাটা গাঁৱৰ অসম চৰকাৰৰ শিল্পী পেন্সনাৰ ৰামচৰণ ভৰালীৰ নিশা ১২.২০ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিজ বাসগৃহতেই দেহাৱসান হয়। মৃত্যুৰ সময়ত প্রবীণ শিল্পীগৰাকীৰ বয়স হৈছিল ৮৫ বছৰ। এইজনা মহান শিল্পীৰ মহাপ্রয়াণত শোকস্তব্ধ হৈ পৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্র। উল্লেখ্য যে নলবাৰী জিলাৰ কুমাৰীকাটা গাঁৱৰ এটি সাধাৰণ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰবীণ চিৰসেউজ শিল্পীজনাৰ পিতৃৰ নাম প্রয়াত ললিত চন্দ্ৰ ভৰালী আৰু মাতৃৰ নাম আছিল প্রয়াত লক্ষ্মী। প্রয়াত ভৰালীয়ে স্থানীয় ৩২৯নং দেহৰ কালাকুছি প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি জাগাৰা হাইস্কুলত দশম শ্রেণীলৈকে অধ্যয়ন কৰে। ১৯৫২ চনত বলোৱা প্রগতি যাত্রা পার্টীত যোগ দি অভিনয় জগতত প্ৰৱেশ ঘটা বৰেণ্য শিল্পী ভৰালীয়ে সেই তেতিয়াৰে পৰা দক্ষতাৰে ১৯৬৩ চনলৈ সুদীর্ঘ ১১ বছৰ কাল বিভিন্ন যাত্রাদলত অভিনয় কৰে। ১৯৬৪ চনত ‘দেহৰ কালাকুছি যুৱক নামপার্টী’ শীর্ষক নাগাৰা নাম দল এটি গঠন কৰি নাগাৰা নামত প্ৰৱেশ কৰি আজিপর্যন্ত নাগাৰা নামৰ স্বকীয় পদ-কথাৰে নামধর্মী ৰাইজক মুগ্ধ কৰি আহিছে। ৰাজ্যৰ বিশেষকৈ নামনি অসমত বহুল প্রচলিত নাগাৰা নামক অধিক গণমুখী কৰাৰ লগতে ৰাজ্যৰ বাহিৰলৈ এইবিধ কলা-সংস্কৃতিক চিনাকি কৰাই দিয়াৰ অন্যতম কাণ্ডাৰী আছিল প্রয়াত ৰামচৰণ ভৰালী। ১৯৭৯ চনত অসম আন্দোলনৰ পটভূমিত ৰচিত নাম এটি পৰিৱেশন কৰি গোটেই অসমত সমাদৰ লাভকৰিবলৈ সক্ষম হৈছিল আৰু নামটো পাঁচ-ছয় বছৰলৈকে ৰাইজৰ অনুৰোধত বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰিব লগা হৈছিল। নামধৰ্ম প্ৰচাৰত একান্ত ব্ৰতী ভৰালীলৈ অসম চৰকাৰে ১৯৯৮ চনত চৰকাৰী স্বীকৃতি হিচাপে শিল্পী পেন্সন প্রদান কৰে। পূর্বে ১৯৯৪ চনত অসম চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰয়াত ভৰালী। ২০০২ চনৰ ১২ ছেপ্টেম্বৰত অসম নাট্য সম্মিলনৰ পৰা ‘নাগাৰা সূর্য’ সন্মান, ২০০৮ চনত পূর্বাঞ্চলীয় লোক পৰিষদৰ পৰা ‘নিবাৰণ বৰা বঁটা’, ২০০৮ চনৰ ২৬ এপ্ৰিলত অসম সাংস্কৃতিক মহাসভাৰ পৰা ‘জীৱনজোৰা সংস্কৃতি সাধনা বঁটা’, ২০১০ চনৰ ২৬ মাৰ্চত ‘অসম নাম সমাৰোহ’, শ্রী শ্রী আউনীআটী সত্রত প্রতিনিধিত্ব কৰা প্ৰয়াত যশস্বী শিল্পীগৰাকীয়ে ২০১০ চনৰ ৫ ডিচেম্বৰত ‘অখিল ভাৰতীয় নাম সমাৰোহ’-ত (নতুন দিল্লী) প্রতিনিধিত্ব কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেইদৰে, ২০১০ চনৰ ১২ ডিচেম্বৰত ‘ভাৰতীয় দলিত সাহিত্য একাডেমী’-ৰ পৰা ‘ড° আম্বেদকাৰ কলাশ্ৰী বঁটা’, ২০১১ চনত ‘জীৱনজোৰা সংস্কৃতি সাধনা বঁটা’, ২০১২ চনৰ ২৬ অক্টোবৰৰ পৰা ‘National Folklore Support Centre’ ৰ পৰা ‘টাটা ফেল’শ্বিপ’ লাভ, ২০১৫ চনৰ ৩০ এপ্রিলত ‘এনাজৰী বঁটা’, ২০ৰ৭ চনৰ ১১ ফেব্ৰুৱাৰীত ‘মোহন ভাইৰা বঁটা’ (সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা), ২০২২ চনৰ ১৬ অক্টোবৰত ‘নাম শিৰোমণি বঁটা’ ২০২৩ চনত দক্ষিণ পকোৱা অঞ্চলৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মৰ ‘প্রজন্ম বঁটা’ লাভ কৰিবলৈ সক্ষম হোৱা জ্যেষ্ঠ শিল্পীগৰাকীয়ে আন বহুতো ৰাজহুৱা সন্মান পাবলৈও সক্ষম হৈছিল। তদুপৰি প্ৰয়াত ভৰালীয়ে ১৯৯১ চনৰ বৰ্তমানলৈকে ১৫০খনকৈ নামৰ শ্ৰব্য কেছেট বাণীবদ্ধ কৰি উলিওৱাৰ উপৰি ৩০খনকৈ দৃশ্য-শ্রব্য কেছেট বাণীবদ্ধ কৰি উলিয়াইছে। তেওঁ নাগাৰ নামৰ ৬খন কিতাপো উপহাৰ দিছে। তদুপৰি ‘বিশ্ব বৈৰাগী’ আৰু ‘নীলম এণ্ড ছাইলেন্ট কিলাৰ’ শীর্ষক চুটি ছবি আৰু ‘দিঠকত হেৰাল সপোন’ শীর্ষক ছবিতো অভিনয় কৰি অভিনয় প্রতিভাৰ পৰিচয় দাঙি দেখুৱাইছে। মৃত্যুৰ সময়ত নাগাৰা নামৰ জনপ্রিয় শিল্পীগৰাকীয়ে পত্নী, তিনি পুত্র, দুই কন্যাসহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।