নাগালেণ্ডৰ বিধানসভা পুনৰ বিৰোধীহীন

pc-newsclick

প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙ নেতৃত্বৰ নাগালেণ্ডৰ প্ৰধান বিৰোধী দল নাগা পিপলছ ফ্ৰণ্টে শাসনাধিস্থত এন ডি পি পি আৰু বিজেপিৰ মিত্ৰজোঁটৰ পিপলছ ডেমক্ৰেটিক এলায়েন্সত চামিল হোৱাৰ সিদ্ধান্ত লৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ ডিমাপুৰৰ বাসভৱন অনুষ্ঠিত দলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে । এন পি এফৰ বিধায়ক ইমকঙ এল ইমছনে সদৰী কৰামতে  দলৰ অন্য নেতাৰ সৈতে এন ডি ডি পিৰ নেতা তথা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ক অৱগত কৰি এন পি এফৰ এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে অৱগত কৰিব ।নাগা পিপলছ ফ্ৰণ্টে শাসনাধিস্থতপিপলছ ডেমক্ৰেটিক এলায়েন্সত চামিল হোৱাৰ সন্দৰ্ভত কয় যে বৰ্তমান ভাৰত চৰকাৰৰ সৈতে এন এছ চি এন আই এমৰ চলি থকা নগা ৰাজনৈতিক সমস্যাটোৰ সমাধান সুবিধাৰ বাবে এনেদৰে একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে । ইফালে নাগা পিপলছ ফ্ৰণ্টে পিপলছ ডেমক্ৰেটিক এলায়েন্সৰ মিত্ৰজোঁটত চামিল হোৱাৰ বিষয়ত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।by utpal kalita