নাগালেণ্ডত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নাগালেণ্ডত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। বিজেপি মিত্ৰজোঁটে লাভ কৰিলে একক সংখ্যাগৰিষ্ঠতা। ৬০খন আসনৰ ভিতৰত ৩৮খনেই লাভ কৰিলে বিজেপি–এনডিপিপি মিত্ৰজোঁটে। বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি, নাগালেণ্ডত বিজেপি মিত্ৰজোঁটে লাভ কৰিলে ৩৮খন আসন। ইয়াৰ ভিতৰত NDPP–এ ২৬খন আৰু বিজেপিয়ে লাভ কৰে ১২খন আসন। ৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফলত NPF দলে লাভ কৰে দুখন আসন, NPPদলে চাৰিখন আৰু অন্যান্যই লাভ কৰে ১৬খন আসন।অন্যান্য দলে লাভ কৰা ১৬খন আসনৰ ভিতৰত নিৰ্দলীয়ই চাৰিখন, JD(U)–এ এখন, LJP(RV)–এ দুখন, NCP–এ ৭খন, RPI(A)-এ দুখন আসন লাভ কৰে। উল্লেখযোগ্য যে উত্তৰ–পূবৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত দুখন ৰাজ্যই দখল কৰে বিজেপি মিত্ৰজোঁটে। ত্ৰিপুৰা আৰু নাগালেণ্ড দখল কৰিলে বিজেপি মিত্ৰজোঁটে। ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁটে ৩৩খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ৰাজ্যখনত মাত্ৰ এখন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে।