নাগালেণ্ডত উদ্ধাৰ অসমৰ তিতাবৰৰ শিক্ষকৰ মৃতদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- নাগালেণ্ডত শিক্ষক হিচাপে কৰ্মৰত তিতাবৰৰ এজন যুৱকৰ মৃতদেহ ৰহস্যজনকভাৱে চুবুৰীয়া ৰাজ্যখনত অর্ধগলিত অৱস্থাত উদ্ধাৰ। মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সম্প্রতি তিতাবৰত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মৃতদেহ উদ্ধাৰ হোৱা শিক্ষকজনৰ নাম অভিজিত শইকীয়া। তিতাবৰৰ বিবিজান নিৱাসী অভিজিত শইকীয়া নাগালেণ্ডৰ ঊষা জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অংকৰ শিক্ষক হিচাপে কৰ্মৰত আছিল। বিগত কিছুদিন ধৰি সন্ধানহীন হৈ আছিল অভিজিত শইকীয়া। ঊষা আৰক্ষী প্রশাসনে অভিজিত শইকীয়াক বিচাৰি তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছিল। ইয়াৰ পিছতে নাগালেণ্ডৰ ঊষা জিলাৰ এখন নৈৰ কাষত অভিজিত শইকীয়াৰ মৃতদেহ অর্ধগলিত অৱস্থাত নাগালেণ্ড আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি নাগালেণ্ড আৰক্ষীয়ে পৰিয়ালক গতাই দিয়ে। ইয়াৰ পিছতে তিতাবৰৰ সৰ্বত্ৰ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। কেনেদৰে, কি কাৰণত অভিজিত শইকীয়াই এনে কৰুণ মৃত্যুক সাবটিব লগা হ’ল এই পর্যন্ত স্পষ্ট হোৱা নাই যদিও ঘটনা সন্দর্ভত নাগালেণ্ডৰ ঊষা জিলাৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
