নাকৰ মূল্যায়নত এ গ্ৰেড লাভ কটন বিশ্ববিদ্যালয়ৰ

Pc the economic times

নাকৰ মূল্যায়নত এ গ্ৰেড লাভ কটন বিশ্ববিদ্যালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে ৰাজ্যৰ অগ্ৰণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়লৈ আহিল ভাল খবৰ। ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ মূল্যায়নত কটন বিশ্ববিদ্যালয়ে “এ” গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয় হিচাবে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ দ্বাৰা প্ৰথম চক্ৰৰ মূল্যায়নতে এ গ্ৰেড পোৱা কটন বিশ্ববিদ্যালয় হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন শিক্ষানুষ্ঠান। এনে সাফল্যৰ বাবে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে সমূহ বিশ্ববিদ্যালয় পৰিয়াললৈ অভিনন্দন জ্ঞাপন কৰিছে।