নষ্টালজিয়া – ৰাজুমনি গগৈ

PC - Freepik
নষ্টালজিয়া
ৰাজুমনি গগৈ, তেজপুৰ
পাহৰি পাহৰি থাকিও
অতীত ৰোমন্থন হয়,
পাৰিজাত জোপাই
 মিছিকিয়াই হাঁহি
সুৱাস বিলাইছে  ৷
মৰতৰ  ৰূপত যেন
মলিনতা পৰিছে,
সৰগৰ অপেস্বৰীৰ
সাক্ষাৎ আজি পোৱা নাই ৷
চুটিকৈ চিলোৱা সাজ পোছাকৰ
প্ৰতিযোগিতা,
বাহ-বাহ কি যেন আধুনিকতা ৷
সন্ধিয়াৰ ক্লাব বোৰ গৰম হৈ পৰে,
ইজনে সিজনৰ যেন প্ৰতিযোগি,
কোনো কোনো হয় ধৰ্ষিতা,
কোনো হয় লুন্ঠিতা,
কোনোৱে কৰে উপভোগ
মই হৈ পৰোঁ নষ্টালজিয়া ৷
জোনাকী পৰুৱাৰে
কথা পাতো, সিহঁতক
খেদি খেদি ভাগৰুৱা হও ৷
জোঁনাকৰ সতে উমলি
তৰা বোৰৰ মাজত
সোমাই পৰোঁ ৷
জোনবাই জনীয়ে ইতিকিং কৰে,
আইতা-ককাৰ জোনাকী দেশৰ
সাধুকথা বোৰে কাণত
ৰজন্ জনা্ই উঠে ৷
ৰজনী গন্ধা জোপাই
লাজৰ ওৰণি টানি
ৰাতিৰ অভিষাৰত ব্যস্ত হয়,
শেষ ৰাতি ভাগৰুৱা হৈ শুই পৰে,
 মই অকলশৰীয়া হৈ
আকাশলৈ চাই চাই
তৰা বোৰ গণি গণি
নষ্টালজিয়া হৈ পৰো ৷