নলবাৰী ৰাস মহোৎসৱত ৮ নৱেম্বৰৰ পৰা অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা

Pc ETV Bharat

নলবাৰী ৰাস মহোৎসৱত ৮ নৱেম্বৰৰ পৰা অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা

ৰঙিলী বাৰ্ত্তাসেৱা-  নলবাৰী ৰাস মহোৎসৱ উপলক্ষে অহা ৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১২ দিনীয়াকৈ নলবাৰীৰ হৰি মন্দিৰ প্ৰাংগণত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত ’অসম গ্ৰন্থমেলা নলবাৰী’ আয়োজন কৰা হৈছে ৷ এক বিজ্ঞপ্তি যোগে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে, প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতাসকলে অহা ২০ অক্টোবৰৰ পৰা ২৬ অক্টোবৰৰ ভিতৰত গ্ৰন্থমেলাৰ বিপণীৰ বাবে আৱেদন পত্ৰ সংগ্ৰহ কৰি অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত পৰিষদৰ কাৰ্যালয় নতুবা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ পাণবজাৰস্থিত কাৰ্যালয়ত জমা দিব পাৰিব ৷ আৱেদন পত্ৰ অসম প্ৰকাশন পৰিষদৰ ৱেবচাইট www.publicationboardassam.com ৰ পৰা ডাউনলোড কৰিব পাৰিব ৷ এই গ্ৰন্থমেলাৰ সবিশেষ জানিবৰ বাবে অসম প্ৰকাশন পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া, ফোন : ৯১-৯৮৬৪৬৫১২৭১ নাইবা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ৯১-৮৬৩৮৭৩১৬৫৯ ৰ লগত যোগাযোগ কৰিব পাৰিব ৷