নলবাৰী- কামৰূপ জিলাত বানপীড়িত এলেকাত খাদ্য সামগ্ৰী বিতৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবৰ বাবে মেড্ৰেইচ লিমিটেডৰ উদ্যোগত, পিপল টু পিপল হেল্থ ফাউণ্ডেশ্যন আৰু স্বাষ্টিকমৰ সহযোগত অসমৰ নলবাৰী আৰু কামৰূপ জিলাৰ বিভিন্ন এলেকাত ৬০০ তকৈ অধিক পৰিয়ালৰ মাজত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰে।তিনিদিনীয়া এই কাৰ্যসূচী ১, ৩ আৰু ৪ ছেপ্টেম্বৰত আয়োজন কৰা হয়। বাৰ্গাচা গাঁৱৰ গাওঁবুঢ়া অৰবিন্দ বড়োৰ লগতে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট লোক উপস্হিত থাকে৷লগতে স্বাষ্টিকমৰ প্ৰতিষ্ঠাপক নিশান্ত বালগোবিন্দ,মেড্ৰেইচৰ চিইঅ পংকজ গাৰ্গ,পিটুপিএইচএফৰ চিইঅ লক্ষ্মীকান্ত পালো সহযোগ কৰে৷