নলবাৰী কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

নলবাৰী কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ
কংগ্ৰেছ চৰকাৰ আহিলে আন ধৰ্মক নিন্দা কৰাৰ বিৰুদ্ধে আহিব কঠোৰ আইনঃ গৌৰৱ গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰী জিলাৰ পানীগাঁওস্থিত ছেইণ্ট মেৰী স্কুলৰ লগতে চহৰখনৰ ভিন্নস্থানত একাংশ দুষ্কৃতিকাৰীয়ে বৰদিনৰ পূৰ্বে ধৰ্মীয় প্ৰতীক তথা আন বিভিন্ন সা-সামগ্ৰী লণ্ড-ভণ্ড কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। সভাপতিগৰাকীয়ে কয় যে বিজেপি চৰকাৰখনে সৰ্বত্ৰে বিয়পাই অহা ঘৃণাৰ ৰাজনীতিৰ বাবে এতিয়া ৰাজ্যখনত এনে পৰিস্থিতিৰ উদ্ভৱ হ’বলৈ পাইছে। তেওঁ অসমবাসী ৰাইজক দুষ্টচক্ৰৰ এনে প্ৰৰোচনাত ভোল নাযাবলৈকো আহ্বান জনায়। ”এয়া হৈছে সাংবিধানিক পৰিকাঠামোৰ ওপৰতে পোনপটীয়া আক্ৰমণ। সমাজখনক ভাগ ভাগ কৰিবলৈ শাসকীয় দলে যি চেষ্টা চলাই আহিছে এয়া তাৰেই নামান্তৰ।’’-গগৈয়ে কয়। ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জল জীৱন মিছনত সংঘটিত অবাধ দুৰ্নীতি সন্দৰ্ভতো বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। সামাজিক মাধ্যমত দিয়া এটি পোষ্টত গগৈয়ে উল্লেখ কৰিছে বিভাগীয় মন্ত্ৰী তথা নলবাৰীৰ স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱাৰ ছত্ৰছায়াতে সমগ্ৰ কেলেংকাৰী সংঘটিত হৈছে। কংগ্ৰেছ দলে ৰাজ্যজুৰি এই লৈ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বাবেই শংকিত হৈ বিষয়টো অন্যফালে ঢাল খুৱাবলৈ নলবাৰীত একাংশ দুষ্কৃতিকাৰীক ব্যৱহাৰ কৰি শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও অভিযোগ কৰে। গগৈয়ে কয়, ”অহা বছৰ অসমত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ বা শিখ – যি ধৰ্মৰেই নহওক, উপাসনাস্থলী বা ধৰ্মীয় উৎসৱ উদযাপনৰ আচাৰ-অনুষ্ঠানত অপমান কৰি আঘাত হানিব খোজা যিকোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা থকা এখন কঠোৰ আইন প্ৰণয়ন কৰা হ’ব।’’