নলবাৰীৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাত প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যোগদান

নলবাৰীৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাত প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰী সকলৰ সৈতে বাৰ্তালাপ কৰে।তেখেতে প্ৰধানমন্ত্ৰী মহিলা কিষাণ দ্ৰোণ কেন্দ্ৰও মুকলি কৰে।এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেও ঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধি কেন্দ্ৰ উৎসৰ্গা কৰে আৰু দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবে কাৰ্যসূচী আৰম্ভ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত ভাগ লোৱা দেশৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ হিতাধিকাৰী সকলৰ সৈতেও মত বিনিময় কৰে। বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ঐক্যবদ্ধ সংকল্পেৰে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাৰ সৈতে নলবাৰীৰ জাগাৰাত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ত অংশ গ্ৰহণ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল বাৰ্তালাপৰ জৰিয়তে দেশৰ হিতাধিকাৰী সকলৰ সৈতে সংযুক্ত হোৱাৰ সময়ত কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়েও যোগদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ উন্নয়ন মূলক পদক্ষেপ সমূহে কেনেদৰে গাঁও সমূহকে ধৰি সকলো অঞ্চলৰ জনসাধাৰণৰ জীৱনত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই সন্দৰ্ভত ৰাইজৰ সৈতে মত বিনিময় কৰি অনুভৱৰ বুজ লয় সোণোৱালে আৰু চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ সুফল সন্দৰ্ভত তেখেতে আলোক পাত কৰে।এই অনুষ্ঠানতেই ৰাইজৰ সৈতে সৰ্বানন্দ সোণোৱালে একেলগে বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰে। তদুপৰি, কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে বিভিন্ন আঁচনিৰ হিতাধিকাৰী সকলৰ সৈতে মত বিনিময় কৰে। সমবেত লোক সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ইতিমধ্যে ১৫ দিন সম্পূৰ্ণ হৈছে আৰু এতিয়া ইয়াৰ গতি অধিক বৃদ্ধি পাইছে এই সংকল্প যাত্ৰাৰ ভানৰ নামকৰণ ‘বিকাশ ৰথ’ৰ পৰা ‘মোদী কি গেৰাণ্টি বাহন’লৈ পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত জনসাধাৰণৰ অকুণ্ঠ মৰম, সঁহাৰি আৰু অংশ গ্ৰহণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এইখন চৰকাৰৰ ওপৰত থকা অটুট বিশ্বাসৰ বাবে নাগৰিকসকলক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে সংকল্প যাত্ৰাৰ হিতাধিকাৰী সকলৰ সৈতে বাৰ্তালাপ  কৰি  আনন্দ প্ৰকাশ কৰে আৰু তেওঁলোকৰ মনোভাৱ, উৎসাহ তথা সংকল্পৰ প্ৰশংসা কৰে।তেখেতে জনায় যে ‘মোদীকি গেৰাণ্টি বাহন’এ এতিয়ালৈকে ১২,০০০ তকৈও অধিক গাঁও পঞ্চায়তক সামৰি লৈছে য’ত প্ৰায় ৩০ লাখ নাগৰিক ইয়াৰ সৈতে জড়িত হৈ আছে।প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাত মহিলাসকলৰ সক্ৰিয় অংশ গ্ৰহণকো প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হিতাধিকাৰী সকলক উজ্জ্বলা আৰু আয়ুষ্মান কাৰ্ডৰ দৰে অনেক অভিলাষী আঁচনিৰসৈতে সংযুক্ত কৰা হৈছে। তেওঁ যুৱক- যুৱতী সকলক মোৰ ভাৰত (মাই ভাৰত) স্বেচ্ছা সেৱক হিচাপে পঞ্জীয়ন কৰিবলৈ আৰু এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। বিকশিত ভাৰত সংকল্প যাত্ৰা ‘বিকশিত ভাৰত’ৰ ৪টা অমৃত স্তম্ভৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নাৰীশক্তি,  যুৱশক্তি, কৃষক আৰু ভাৰতৰ দৰিদ্ৰ পৰিয়াল সমূহৰ কথা উল্লেখ কৰে আৰু কয় যে এই চাৰিটা স্তম্ভৰ অগ্ৰগতিয়ে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব। সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশবাসীয়ে সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশৰ এক নতুন যুগত পদাৰ্পণ কৰিছে।প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, জনধন যোজনা, স্কিল ইণ্ডিয়া, মেকইন ইণ্ডিয়া, ষ্টাৰ্ট-আপ্ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছভাৰত অভিযান, জল জীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে চৰকাৰে বিগত ৯ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱ জাগৰণৰ সৃষ্টি কৰিছে। যিহেতু আমি অমৃত কালত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত দৃঢ়তাৰে অগ্ৰসৰ হৈছোঁ, সেয়েহে উন্নয়নৰ বাৰ্তা গ্ৰহণ কৰিবলৈ আৰু চৰকাৰৰ কল্যাণকামী পদক্ষেপ সমূহত সৰ্বস্তৰৰ নাগৰিকৰ সম্পূৰ্ণঅংশগ্ৰহণ নিশ্চিত কৰিবলৈ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’  দেশৰ প্ৰতিখন জিলাতে ৰূপায়ণ কৰা হৈ আছে।কংগ্ৰেছ হ’ল দুৰ্নীতিৰ কেকটাছ।কংগ্ৰেছৰ শাসন কালত হোৱা ব্যাপক দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসনৰ ফলত জনসাধাৰণে আঁচনিৰ ধন আৰু সুফল লাভৰ পৰা বঞ্চিত হৈছিল। কংগ্ৰেছে দৰিদ্ৰ লোকৰ ধন আত্মসাৎ কৰি অভিলেখ গঢ়িছিল।কংগ্ৰেছে পৰিয়ালতন্ত্ৰ আৰু ৰাইজৰ ধন খোৱা-কামোৰাৰে জনতাক ত্ৰাহি মধুসূদন সোঁৱৰাইছিল। দুৰ্নীতি ৰোধ কৰিবলৈ মোদী ডাঙৰীয়াই ৫০ কোটি লোকক বিত্তীয় ব্যৱস্থাৰ অন্তৰ্গত কৰাৰ বাবে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে আৰু বেংক একাউণ্ট খোলাৰ ব্যবস্থা কৰি ডিবিটি পদ্ধতিৰে পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টত আঁচনিৰ ধন হস্তান্তৰ কৰাৰ পদক্ষেপ লৈছে।ইয়াৰ ফলত এতিয়া মধ্যভোগীয়ে আঁচনিৰ ধন আত্মসাৎ কৰাৰ সকলো ৰাস্তা বন্ধ হৈ পৰিছে। ভাৰতৰ প্ৰতিটো প্ৰান্তৰ যুৱ প্ৰজন্ম, মহিলা, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী আদি বিভিন্ন আঁচনিৰ জৰিয়তে এতিয়া উপকৃত হৈছে। আমাৰ সকলোৰে লক্ষ্য-  ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিকশিত দেশ হিচাপে উজলাই তোলা। ইতিমধ্যে ভাৰতে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে,  যিয়ে প্ৰতিগৰাকী দেশবাসীক নতুন সাহস আৰু মনোবল প্ৰদান কৰিছে।বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বুকুতো বিগত ৯টা বছৰে উন্নয়নৰ নৱজাগৰণৰ সূচনা কৰিছে আৰু স্থায়ী শান্তি নিশ্চিত কৰিছে। মোদী ডাঙৰীয়াই নিজে ৫০বাৰত কৈও অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰি সমগ্ৰ অঞ্চলবাসীক নতুন মনোবল, সাহস আৰু উন্নয়নৰ নৰেঙণি প্ৰদান কৰিছে। ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ই দেশৰ অমৃত কালত এখন শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ যাত্ৰাক এক নতুন গতি দিব বুলি আমি দৃঢ় বিশ্বাসী। এই ক্ষেত্ৰত অসমৰ জন গণক এক সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনালোঁ।” নলবাৰীৰ অনুষ্ঠানত লগতে উপস্থিত থাকে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, জিলা আয়ুক্তা বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।