নলবাৰীৰ ঘগ্ৰাপাৰ থানাত চাঞ্চল্যকৰ ঘটনা

নলবাৰীৰ ঘগ্ৰাপাৰ থানাত চাঞ্চল্যকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰীৰ ঘগ্ৰাপাৰ থানাত চাঞ্চল্যকৰ ঘটনা। এগৰাকী কিশোৰীক উলংগ কৰি আৰক্ষী বিষয়াই ফটো তোলাৰ গুৰুতৰ অভিযোগ উঠিছে।  জানিব পৰা মতে এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে যোৱা ২৬ জুনতে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু এই এজাহাৰ সন্দৰ্ভত আজি পর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰি ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলিহে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি কিছুদিন পূর্বে নলবাৰী জিলাৰ উক্ত ভুক্তভোগী কিশোৰীগৰাকীক এজন যুৱকে পলুৱাই নিছিল। পিচত দুয়োজনকে নলবাৰী আৰক্ষীয়ে ধৰা পেলাই ঘগ্ৰাপাৰ থানাত চমজাই দিয়ে। নিশা দুয়োকে ঘগ্ৰাপাৰ থানাত ৰখা হয়। এজাহাৰত উল্লেখ কৰা অনুসৰি থানাত সাধাৰণ পোছাকত থকা আৰক্ষী বিষয়া এগৰাকীয়ে কিশোৰীগৰাকীক উলংগ কৰি ফটো তোলাৰ লগতে অশ্লীল ইংগিতো দিয়ে। লিজা টায়ে নামৰ এগৰাকী আৰক্ষী বিষয়াই এই সমগ্ৰ ঘটনাটো অৱগত বুলিও কিশোৰীগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে। ইফালে নলবাৰী ঘগ্ৰাপাৰ আৰক্ষী থানাত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। অসম আৰক্ষীক লজ্জানত কৰা এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰাৰ পাছতে এতিয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে ঘটনা সন্দৰ্ভত দোষী সাব্যস্ত হ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে। ইয়াৰোপৰি POCSO আইনৰ অধীনত অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ তদন্তৰ বাবে এগৰাকী মহিলা অতিৰিক্ত আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হৈছে। ইফালে DIG (CWR)ক ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছে।