নলবাৰীত মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰীত আয়োজিত এক বিশাল জনসভাত ৰাজ্যৰ সর্ববৃহৎ মহিলা আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ দ্বিতীয় পৰ্য়ায়ৰ শুভাৰম্ভণি কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই। মহিলা উদ্যমিতা অভিযানৰ দ্বিতীয় পর্যায়ত নলবাৰী সমষ্টিৰ গ্ৰামাঞ্চলৰ ৩১,১৭৯ গৰাকী আৰু নলবাৰী পৌৰসভাৰ অধীনস্থ এলেকাৰ ২,৭৩০ গৰাকী হিতাধিকাৰীক সামৰি এই পুঁজি আগবঢ়োৱা হয়। এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড° শৰ্মাৰ মন্তব্য- অসমৰ মহিলাসকলৰ বাবে আজিৰ দিনটো এক সুন্দৰ আৰম্ভণি। প্রতিশ্রুতি কঠিন আছিল, ৰূপায়ণৰ বাটত আর্থিক অভাৱ আছিল, কিন্তু সকলো বাধাৰ প্ৰাচীৰ পাৰ হৈ এই দিনটোত উপনীত হ’লোঁ। উল্লেখ্য যে যোৱা ১ এপ্রিলত বিহালী সমষ্টিত অনুষ্ঠিত কাৰ্যসূচীত মুখ্যমন্ত্রীয়ে এই অভিযানৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণি কৰিছিল। পিএমশ্রী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলক আর্থিকভাৱে সবল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ কৰিছে। ৰাজ্যৰ চহৰ আৰু গ্ৰামাঞ্চলত ৪ লাখ আত্মসহায়ক গোট আছে আৰু প্ৰায় ৪০ লাখ মহিলা এই গোটসমূহৰ সৈতে জড়িত। এইসকল মহিলাক ব্যক্তিগতভাৱে উদ্যমী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত তেওঁলোকক ১০ হাজাৰ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ইয়াৰ বাবদ ৰাজ্য চৰকাৰৰ ৩,০৩৮ কোটি টকা ব্যয় হ’ব। এই অভিযানৰ অধীনত লাভ কৰা ধনৰাশিৰে আত্মসহায়ক গোটৰ সদস্যসকলে নিজাববীয়াকৈ, নিজ পৰিয়াল বা গোটৰ আন সদস্যসকলৰ সৈতে মিলি যৌথভাৱে বাণিজ্যিক কাম-কাজ আৰম্ভ কৰিব পাৰিব। আত্মসহায়ক গোটৰ সদস্যসকলে এই ধনৰাশিৰে কিধৰণৰ ব্যৱসায়িক কাম-কাজ চলাই আছে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এবছৰ পিছত সমীক্ষা চলোৱা হ’ব। আনহাতে এই সভাতে মুখ্যমন্ত্ৰীৰ ঘোষণা- এই পুঁজিৰ সদ্ব্যৱহাৰ কৰা মহিলাসকলক পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকা প্রদান কৰা হ’ব। এই ২৫ হাজাৰ টকাৰত ভিতৰত ১৫ হাজাৰ টকা ৰাজ্য চৰকাৰে আৰু ১০ হাজাৰ টকা বেংকৰ জৰিয়তে প্ৰদান কৰা হ’ব। এই পুঁজিৰো উপযুক্ত ব্যৱহাৰ হ’লে পৰৱৰ্তী সময়ত বেংকৰ জৰিয়তে ৫০ হাজাৰ টকাকৈ মহিলাসকলক ঋণ প্রদানৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্য চৰকাৰে ইয়াৰ সুদ পৰিশোধ কৰাৰ লগতে ধনৰাশিৰ ২৫ শতাংশ ৰাজসাহায্য হিচাপে প্রদান কৰিব। ভাষণত মুখ্যমন্ত্রী ড০ শৰ্মাই কয়- বৰ্তমান ৰাজ্য চৰকাৰে জনসাধাৰণক প্ৰদান কৰা প্ৰতিটো প্রতিশ্রুতি আখৰে আখৰে পালন কৰি আহিছে।
অৰুণোদয়, নিযুত মইনা আঁচনিৰ দৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানো চৰকাৰৰ এই প্ৰতিশ্ৰুতি পূৰণৰ এক নিদর্শন। মহিলা উদ্যমিতা আঁচনি গ্রহণ কৰাৰ সময়ত বিৰোধী কংগ্ৰেছে আঁচনিখনৰ অস্তিত্বক লৈ পূৰ্বে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰে যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিল, তেতিয়া কংগ্ৰেছে এই আঁচনিসমূহ নিৰ্বাচনৰ বাবে আনিছে বুলি কৈ ইয়াক ভেল্কিবাজি বুলি কৈছিল। কিন্তু ৫ বছৰ অৰুণোদয় চলিয়েই আছে। কংগ্রেছে গ্রামাঞ্চলৰ মহিলাসকলক চৰকাৰে ধন নিদিয়ে বুলি কৈ প্ৰতাৰণা কৰাৰো অভিযোগ তুলি আহিছিল। কিন্তু আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰাৰ পাছত কংগ্ৰেছীসকলে এদিনৰ বাবে হ’লেও লুকাই থাকিব লাগে। কাৰণ ইমানদিন মহিলাসকলক এই ধনৰাশি নিদিয়ে বুলি কৈ আছিল। কিন্তু আজি সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শর্মাই যি কয়, সেয়া আখৰে আখৰে পালন কৰে। তাত কোনোধৰণৰ প্ৰৱঞ্চনা নাই। তেওঁ কয়- অভিযানৰ প্ৰথম পৰ্যায়ত বিহালী সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক যি ধনৰাশি প্ৰদান কৰা হৈছিল, সেই মহিলাসকলৰ গৰিষ্ঠসংখ্যকেই পুঁজিৰ সদ্ব্যৱহাৰ কৰাৰ তথ্য ৰাজ্য চৰকাৰে লাভ কৰিছে। এই শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, পঞ্চায়ত-গ্রামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, জিলা আযুক্ত নিৱেদন দাস পাটোৱাৰী, নলবাৰী জিলা পৰিষদৰ সভানেত্রী গীতুমণি বৈশ্য, নলবাৰী পৌৰসভাৰ সভানেত্রী জয়শ্রী তালুকদাৰ, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকাকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।