নলবাৰীত ভয়ংকৰ দুৰ্ঘটনা

নলবাৰীত ভয়ংকৰ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাসৰ আনন্দৰ মাজতে নলবাৰীত ভয়ংকৰ দুৰ্ঘটনা। দুটাকৈ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হৈছে। বানেকুছি আৰু ঘগ্ৰাপাৰত সংঘটিত হয় এই দুৰ্ঘটনা। বানেকুছিত সংঘটিত দুৰ্ঘটনাত নিহত হয় ৪জন লোক। আনহাতে, ঘগ্ৰাপাৰত সংঘটিত দুৰ্ঘটনাত নিহত হয় এজন লোক। দুয়োটা দুৰ্ঘটনাত আহত কেইবাজনকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, হাউলীৰ পৰা ৰাস চাই উভতি অহাৰ পথতে বানেকুছিত সংঘটিত হয় এক দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়। চিকিৎসালয়ত মৃত্যু হয় আন দুজনৰ। দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ AS 01 BG 5995।নিহতসকল জাহেদুল ৰহমান,অজিত চহৰীয়া,ৰাহুল আলী আৰু প্ৰণৱ হালৈ। এই দুৰ্ঘটনাত আহতসকল হ’ল অভিজিৎ,সীমান্ত,শংকৰ আৰু জাহিদুৰ ৰহমান।