নলবাৰীত ‘নাহৰ ফুল’ শীৰ্ষক বিহুগীতৰ ভিডিও মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- কন্ঠশিল্পী অনুৰাগ পলৰ বিহুগীতৰ ভিডিঅ’ ‘নাহৰ ফুল’ নলবাৰীত থকা ‘অসম টাইম’ৰ কাৰ্যালয়ত উন্মোচন কৰা হয়। উন্মোচন কৰে ‘অসম টাইম’ৰ পৰিচালন সম্পাদক কমলেশ শৰ্মাই। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্য সম্পাদক এম মহিবৰ ৰহমান, সমন্বয়ক নৰেন ৰাজবংশী, বিশিষ্ট লেখক নুৰুল ইছলাম, জাহিদুল হক চৌধুৰী, সাংবাদিক চুনু সঞ্জয়, উদীয়মান অভিনেতা,নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য, অভিনেত্ৰী মৌচুমী কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। গীতটোৰ কৰিঅ’গ্ৰাফী-মনোজ দাসৰ, কেমেৰা আৰু সম্পাদনা-চাইফুলৰ, মেকআপ-চুমিৰ । গুৱাহাটীৰ আশে -পাশে বিভিন্ন লোকেচনত গীতটোৰ দৃশ্যগ্ৰহণ কৰা হৈছে। গীতটো সমূহ অসমৰ ৰাইজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে শিল্পী, অভিনেতা- অভিনেত্রী আৰু কলা-কুশলীসকলে।।লগতে অভিনেতা বিশ্বজিৎ বৈশ্য ই কয় যে, আগৰ ভিডিও বোৰত ৰাইজৰ মৰম আৰু পূৰ্ণ সহযোগ পাই সচাকৈ ভাল লাগিছে, গতিকে এই বিহুগীতটো যাতে শ্ৰুতা ৰাইজে আদৰি লৈ উৎসাহ দিয়ে তাৰে কামনা কৰিছো।