নলবাৰীত গৌৰৱ গগৈৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ

নলবাৰীত গৌৰৱ গগৈৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লৈ নলবাৰীত উপস্থিত হোৱা বিৰোধী দলৰ উপ- সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ।নিৰ্বাচনী সভা চলি থকাৰ মাজতেই গৌৰৱ গগৈক ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ‘গৌৰৱ গগৈ গ’ বেগ’, ‘পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ হুচিয়াৰ’, ‘গৌৰৱ গগৈ হায় হায়’ আদি শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। উল্লেখ্য় যে, নলবাৰীত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল সাংসদ গৌৰৱ গগৈ। গোপনে পাকিস্তানলৈ গৈ ১৫ দিন কটাই অহা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লৈ ইতিমধ্যে ক্ষুণ্ণ হৈ আছিল ৰাইজ। যাৰ ফলত সভা চলি থকাৰ মাজতে স্থানীয় ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। পৰিস্থিতি উত্তপ্ত হোৱা দেখি গৌৰৱ গগৈয়ে ৰাইজৰ ভয়ত অন্য পথেৰে পলায়ন কৰে। পাকিস্তানৰ সৈতে লিংক থকা বুলি সাংসদগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও সাংসদগৰাকীক পাকিস্তানলৈ যোৱা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াযোগে গৌৰৱ গগৈৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰিছিল যদিও সাংসদগৰাকীয়ে উত্তৰ দিয়াৰ পৰা বিৰত আছিল।এনেবোৰ কাৰণতে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজ ক্ষুণ্ণ হৈ পৰিছিল। নলবাৰীৰ জনতাই ইতিমধ্যে সাংসদগৰাকীক নলবাৰীত প্ৰৱেশ নিষিদ্ধ কৰিছে৷ লুকাই-চুৰকৈ পাকিস্তানলৈ যোৱাৰ অভিযোগ উঠা কংগ্ৰেছৰ সাংসদগৰাকীয়ে আজি পৰ্যন্ত বিষয়টো স্পষ্ট নকৰাত স্বাভাৱিকতে ৰাইজে গৌৰৱ গগৈক সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে।