নলবাৰীত উন্মোচিত হ’ব ৯১ ফুট ওখ ভাৰতৰ ভিতৰতে ষষ্ঠতম উচ্চতাৰ মহাদেৱৰ মূৰ্তি
ৰঙিলী বাৰ্ত্তাসেৱা- মহা শিৱৰাত্ৰিৰ দিনা অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত নলবাৰীত উন্মোচিত কৰা হ’ব অসমৰ সৰ্বোচ্চ উচ্চতাৰ শিৱ মূৰ্তি। ৯১ ফুট ওখ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠতম উচ্চতাৰ মহাদেৱৰ মূৰ্তি হ’ব।নলবাৰীৰ শ্ৰী শ্ৰী বাবা দুধনাথ খাৰঝাৰা আশ্ৰমৰ সমীপত এই উচ্চ শিৱ মূৰ্তিটো চিমেণ্ট আৰু শিলেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।জানিব পৰা মতে, এই মূৰ্তিটো নিৰ্মাণ কৰোতে ব্যয় হৈছে মুঠ ৩২ লাখ টকা।