নর্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম নর্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ বৰ্ণিল সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য যে পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত অসম পেৰা অলিম্পিক এছ’চিয়েচনৰ সহযোগত তথা উদয়াচলৰ উদ্যোগত বিগত ২৭ নৱেম্বৰৰ পৰা গুৱাহাটী মহানগৰীৰ তিনিটা স্থানত অনুষ্ঠিত হয় স্প’র্টছ মীটৰ কাৰ্যসূচী। মুঠ পাঁচটা শাখাত অনুষ্ঠিত হোৱা এই স্প’ৰ্টছ মীটত উত্তৰ-পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মণিপুৰ, ছিকিম, অৰুণাচল প্রদেশ, মেঘালয় আৰু অসমৰ মুঠ ৫৭৫গৰাকী পেৰা এথলীটে অংশ লয়। সামৰণী অনুষ্ঠানটোত পেৰা অলিম্পিয়ানসকলৰ মানসিক দৃঢ়তাক প্রণাম জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পেৰা এথলীটসকলক প্রকৃত নায়ক বুলি উল্লেখ কৰে। তেওঁ কয়- আপোনালোকৰ উপস্থিতিয়ে মানসিক দৃঢ়তাক প্রতিপন্ন কৰে। পেৰা অলিম্পিক দলে যিমানসংখ্যক মেডেল ২০২৪ৰ পেৰিছ পেৰা অলিম্পিকত লাভ কৰিছে সিমান মেডেল অলিম্পিক দলেও পোৱা নাই। তেওঁ কয় যে ২০২০ চনত টকিঅ’ পেৰা অলিম্পিকত ভাৰতে ১৯টা মেডেল লাভ কৰিছিল যদিও ২০২৪ চনৰ পেৰিছ পেৰা অলিম্পিকত এই মেডেলৰ সংখ্যা ২৯টালৈ বৃদ্ধি পায়। ইয়াৰ ভিতৰত সাতজনে স্বর্ণপদক, ৯জনে ৰূপৰ পদক আৰু ১৩জনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ গৌৰৱ আৰু শোভা পেৰিছত পেৰা অলিম্পিয়ানসকলে সুশোভিত কৰিছে। ভাৰতীয় পেৰা অলিম্পিকৰ আৰম্ভণিৰ যাত্ৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতীয় পেৰা অলিম্পিকৰ যাত্ৰা আৰম্ভ হৈছিল পেৰা সাঁতোৰবিদ মুৰলীকান্ত পেটকাৰৰ জৰিয়তে। ইয়াৰ পিছত এই যাত্ৰাক বহুকেইগৰাকী পেৰা অলিম্পিয়ানে আগুৱাই নিছে। পেৰা এথলীটসকল অকল এথলীটেই নহয়, অযুতজন বিশেষভাৱে সক্ষম প্রতিভাৱান যুৱক-যুৱতীৰ বাবে এক আশা আৰু প্ৰত্যাশাৰ থলী। তেওঁলোকৰ সফলতাই ইয়াকে প্ৰমাণ কৰে যে শাৰীৰিক প্রতিবন্ধকতা যিমানেই নাথাকক কিয়, ইয়াৰ বিৰুদ্ধে সৃষ্ট ইচ্ছাশক্তি আৰু মানসিক দৃঢ়তাই সকলো সফল কৰিব পাৰে। দিব্যাংগ ব্যক্তিসকলৰ উন্নয়নৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা বিভিন্ন পদক্ষেপৰ কথাও তেওঁ উল্লেখ কৰে। অসমৰ ক্রীড়া নীতিৰ কথা উনুকিয়াই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বতে অসমৰ ৰাজ্যিক ক্রীড়া নীতি অকল সাধাৰণ লোকৰ বাবেহে আছিল। কিন্তু এতিয়া এই ক্রীড়া নীতিত দিব্যাংগ খেলুৱৈকো অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰ অধীনতে ২০২৩ বৰ্ষত আনোৱাৰ শিকদাৰক অসম চৰকাৰে সফলতাৰ বাবে ২০ লাখ টকাৰে সন্মানিত কৰাৰ লগতে চাজিদা বেগমক তিনি লাখ, আবাবিল আলীক ৫ লাখ আৰু সৌৰভ ঠাকুৰক ৫ লাখ টকাৰে সন্মানিত কৰে। শেহতীয়াকৈ গোৱাত বিজয়ী হোৱা পেৰা খেলুৱৈসকলকো শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী পেৰা অলিম্পিকত যাতে অসমৰ খেলুৱৈসকলে প্রতিনিধিত্ব কৰিব পাৰে তাৰ বাবে ভালদৰে চেষ্টা কৰিবলৈ সকলো খেলুৱৈক আহ্বান জনায়। পৰৱৰ্তী পেৰা অলিম্পিকলৈ অসমত এনেধৰণৰ পেৰা অলিম্পিক ইভেন্ট পুনৰ অনুষ্ঠিত হোৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। দিব্যাংগ খেলুৱৈসকলক এক উপযুক্ত মঞ্চ দিয়াৰ বাবে লোৱা পদক্ষেপৰ বাবে উদয়াচলৰ প্ৰচেষ্টাক শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাৰিগৰাকী দিব্যাংগ শিশুক লৈ ১৭ বছৰ পূৰ্বে পাণ্ডুত উদয়াচলৰ যাত্ৰা আৰম্ভ হৈছিল। আজি শতাধিক দিব্যাংগ শিশুৰে উদয়াচলে নিজৰ পৰিয়াল নির্মাণ কৰিছে। এই যাত্ৰা ভৱিষ্যতলৈ অব্যাহত থকাৰ কামনাৰে মুখ্যমন্ত্ৰীয়ে উদয়াচলক অভিনন্দন জ্ঞাপন কৰে। তদুপৰি নিজৰ ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পেৰা অলিম্পিকৰ প্ৰস্তুতিৰ বাবে দিব্যাংগ খেলুৱৈসকলে বিচৰা সকলো সহায়- সহযোগিতা অসম চৰকাৰে আগবঢ়াব বুলিও ঘোষণা কৰে। খেলুৱৈসকলক উৎসাহিত কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে চেষ্টা কৰিলে আমি আকাশ চুব পাৰিম। অনুষ্ঠানটোত অংশ লৈ নর্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ আয়োজক সমিতিৰ সভাপতি তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাই নিজৰ ভাষণত কয় যে বিশেষভাৱে সক্ষম যুৱপ্ৰজন্মই যাতে নিজৰ স্বপ্ন পূৰণ কৰিব পাৰে তাৰ বাবে ভবিষ্যতলৈ এই যাত্রা অব্যাহত থাকিব। বিগত ১৭ বছৰ ধৰি সমাজৰ মাজত থকা বিভিন্ন প্রতিবন্ধকতাক একত্রিত কৰি এক সমন্বয়ৰ সেতু গঢ়া উদয়াচলৰ এই যাত্ৰা আমাৰ বাবে অতি সুন্দৰ আছিল। এই সুন্দৰ যাত্ৰাক ভৱিষ্যতলৈও অব্যাহত ৰখাৰ কথা তেওঁ উল্লেখ কৰে। তদুপৰি পেৰা স্প’ৰ্টছ মীটত অংশগ্ৰহণ কৰি যিখিনি ল’ৰা-ছোৱালীয়ে বিজয় সাব্যস্ত কৰিছে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি তেওঁ কয়। বিশেষ এই ল’ৰা-ছোৱালীখিনিয়ে অসমক ভৱিষ্যতলৈ গৌৰৱান্বিত কৰি তোলাৰ আশা প্রকাশ কৰি তেওঁ কয় যে প্রত্যেকগৰাকী ল’ৰা-ছোৱালীয়ে যথেষ্ট প্রতিভাধৰ। প্ৰতিভা তেওঁলোকৰ বহু আছে। ভৱিষ্যৎ তেওঁলোকৰ নিশ্চয়কৈ ভাল হ’ব। উল্লেখ্য যে স্প’ৰ্টছ মীটৰ অন্তত অসম দলে যাদৱ চন্দ্ৰ ভূঞা স্মাৰক দলীয় চেম্পিয়নছ ট্রফীৰে সম্মানিত হোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ দলটো ৰানাৰ্ছআপ ৰূপে নির্বাচিত হয়। অসম দলে ৫৫টা সোণৰ পদক, ৪৭টা ৰূপৰ পদক আৰু ২৫টা ব্ৰঞ্জৰ পদক নৰ্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটত লাভ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি শিহৰণকাৰী অনুষ্ঠান পৰিৱেশন কৰে মিৰাকলছ অন হুইলছ শীর্ষক সংস্থাটোৱে। গণেশ বন্দনাৰ নৃত্যৰে আৰম্ভ কৰা অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলে হুইল চেয়াৰত বহি কৰা নৃত্যানুষ্ঠানে উপস্থিত সকলো লোককে বিস্ময়ান্বিত কৰি তোলে। চৈয়দ চালাউদ্দিন পাছাৰ নেতৃত্বত দলটোৱে এই অনুষ্ঠান পৰিৱেশন কৰে। জ্যেষ্ঠ সাংবাদিক নন্দন প্রতিম শৰ্মা বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত নর্থ-ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ ৱেব্ৰণ্ড এম্বেছাডৰ শচীন ছামাৰিয়া, বিচিচিআইৰ যুটীয়া সচিব দেৱজিত শইকীয়া, বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱী, জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গৃহ, নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল, কৃষিমন্ত্রী অতুল বৰা, উদ্যোগ-বাণিজ্য মন্ত্রী বিমল বড়া, কাবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইন, জাৰিৰ হুছেইন, ক্রীড়া-যুৱ কল্যাণ মন্ত্রী নন্দিতা গার্লোছা প্রমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।