নপঢ়ো যিখন গ্ৰন্থ-নাম ” গান্ধীজীৰ অপকৰ্ম”- ফখৰুদ্দিন আহমেদ

নপঢ়ো যিখন গ্ৰন্থ-নাম ” গান্ধীজীৰ অপকৰ্ম”

ফখৰুদ্দিন আহমেদ

গান্ধী আৰু গান্ধীজী শব্দ দুটিৰ মাজত প্ৰাৰ্থক্য আছে। গান্ধী কোনো মানুহৰ উপাধি হ’ব পাৰে কিন্তু গান্ধীজী বুলি উল্লেখ কৰিলে ভাৰতবৰ্ষৰ দৰে বিশাল উপমহাদেশত এগৰাকী ব্যক্তিকেই বুজাই তেখেত হৈছে মোহন দাস কৰম চান্দ গান্ধী ।যি গৰাকী ব্যক্তিক ভাৰত কিয় বিশ্ববাসীয়ে মাহাত্মা , বাপুজী ইত্যাদি বিভূষণেৰে বিভূষিত কৰিছে। নিজৰ মাতৃভুমিৰ স্বাধীনতা তথা দেশবাসীৰ হৃত অধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎকৰ্ষিত এক মহাজীৱনৰ অনন্য নাম।
ব্যক্তিগত কাৰণত মঙ্গলদৈ চহৰৰ কিতাপ বাইন্ডিং কৰা এটি প্ৰতিষ্ঠানত গ্ৰন্থৰে পুৰ্ণ হৈ থকা এটি আলমিৰা দেখি উৎসুকতাৰে এফালৰ পৰা চাই গ’লো তাত থৈ দিয়া গ্ৰন্থবোৰ আৰু নামবোৰ।কাৰণ আলমিৰাটো তলা মাৰি থোৱা অৱস্থাত আছিল। আলমিৰাটোৰ পৰা কোনো এখনো গ্ৰন্থ উলিয়াই পঢ়াৰ সুযোগ নাছিল । নামবোৰ পঢ়ি গৈ থকা অৱস্থাতে এটি নাম দেখি মোৰ চকুহাল থৰ হৈ ৰৈ গ’ল। গ্ৰন্থখনিৰ নাম হ’ল “গান্ধীজীৰ অপকৰ্ম” আৰু লিখক হৈছে জনৈক ডঃ অলোককৃষ্ণ চক্ৰৱৰ্তী। লিখক জনৰ সম্পৰ্কত মোৰ জ্ঞানৰ ভৰালো শূণ্য। পিছে গ্ৰন্থখনি দেখাৰ পিছত বহুতো কথাই মোৰ মনটো চেবাই গ’ল।
আমাৰ দেশ ভাৰতবৰ্ষ সাংস্কৃতিক ভাবে বহু হাজাৰ বছৰীয়া ঐতিহ্যৰে মহিমামণ্ডিত। কিন্তু সাম্প্ৰতিক সময়ত আমাৰ ৰাজ্য অসম আৰু দেশ ভাৰতবৰ্ষত ৰাজনৈতিক ভাবে আৰু সাম্প্ৰদায়িক ভাবে এক অস্থিৰ বাতাবৰণে বাৰুকৈয়ে গা কৰি উঠিছে।
বিশ্বৰ এখনি বৃহত্তম গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষত বহুতো আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল আছে। দেশৰ উন্নয়ণ কৰি জনপ্ৰিয় হোৱাতকৈ ধৰ্মীয় বিদ্বেষ মূলক ভাৱাদৰ্শ বিয়পাই দি দেশৰ জনতাৰ মাজত বিভেদৰ সৃষ্টি কৰি বৃটিছৰ ” ডিভাইন এণ্ড ৰুল” নীতিৰে দেশ শাসনৰ ফন্দী কৰাত ব্যস্ত প্ৰায়বোৰ ৰাজনৈতিক দল আৰু কিছু সংখ্যক বি(?)খ্যাত ব্যক্তিয়ে ধৰ্মীয় আবেগত আঘাত লগা বক্তব্যৰে অসাংবিধানিক ৰূপত জনসাধাৰনৰ মাজত পাৰস্পৰিক অবিশ্বাসৰ এক জটিল পৰিস্থিতি সৃষ্টি কৰাত ব্যস্ত থকা দৃষ্টিগোচৰ হৈ আহিছে। দেশৰ সংবিধানক উলাই কৰা এনে কুকৰ্মত লিপ্ত ব্যক্তি সকলৰ ক্ষেত্ৰত সাংনিধানিক ভাবে কোনো ধৰণৰ উচিত ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত ভিতৰি ভিতৰি সৃষ্টি হোৱা অৰাজক পৰিবেশে সাধাৰন জনতাক সন্ত্ৰস্ত কৰি ৰাখিছে। ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক পৰিস্থিতিত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো চৰিত্ৰৰ আবিৰ্ভাব কৰোৱাই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ মুখ্য পথ প্ৰদৰ্শক মহামানব মহাত্মা গান্ধীক উলাই কৰি চলিবলৈ উৎসাহিত হৈ পৰিছে এচাম নাগৰিক । এনে ধৰণৰ চিন্তা চৰ্চাৰ ফচলেই হৈছে এইখন গ্ৰন্থ ।
আন ৰাজনৈতিক দল কিছুমানৰ দৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলো হৈ পৰিছে নীতি আৰু আদৰ্শ বিবৰ্জিত এটি প্ৰধান ৰাজনৈতিক দল। অতীতলৈ ঘুৰি চালে দেখা যায় যে ইং ১৮৮৫ চনত জন্ম লাভ কৰা এই দলটোৱেই ভাৰতীয় স্বাধীনতা সংগ্ৰামক ঐক্যবদ্ধ ভাবে আগুৱাই নি দেশৰ জনতাৰ ত্যাগ আৰু পৰিশ্ৰমৰ বহু প্ৰতীক্ষাৰ অন্তত ভাৰতবৰ্ষক ইংৰাজ সকলৰ কবলৰ পৰা স্বাধীন কৰিছিল। এই ঐতিহাসিক ৰাজনৈতিক দলটিৰ অন্যতম কৰ্মী আছিল মহামানব মহাত্মা গান্ধী। যাক দেশবাসীয়ে বাপুজী , পিতাজী , জাতিৰ পিতা , মহামানব ইত্যাদি উপাধিৰে সম্বোধন কৰিছিল। আজীৱন ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে জীৱন উচৰ্গা কৰা এই ব্যক্তি গৰাকীকো নাথুৰাম গডচে নামৰ এগৰাকী ভাৰতীয়ই ইং ১৯৪৮ চনত গুলিয়াই হত্যা কৰিছিল। মহামানব মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰি অখ্যাত নাথুৰাম কেই মুহূৰ্তমানৰ ভিতৰতে বি(?)খ্যাত হৈ পৰিছিল কেৱল ভাৰতত নহয় , সমগ্ৰ বিশ্বত। সাম্প্ৰতিক সময়ত সেই নাথুৰাম গডচেক পুজা কৰা মানুহৰো অভাব নাই ভাৰতবৰ্ষত আৰু মহামানব মহাত্মা গান্ধী প্ৰকৃততে দেশৰ শত্ৰুহে আছিল বুলি প্ৰতিপন্ন কৰিবলৈ যত্নৰ ত্ৰুটি নকৰা মানুহৰো অভাব নাই এই ভাৰতবৰ্ষত।
মহামানব মহাত্মা গান্ধীয়ে সমসাময়িক ভাৰতীয় সকলৰ নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰিবলৈ বিদেশতো প্ৰতিবাদ সাব্যস্ত কৰাৰ অলেখ নজিৰ আছে।
সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত ৰাজনৈতিক প্ৰচ্ছায়াত গঢ় লৈ উঠা উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ ফচল হৈছে এই জাতীয় গ্ৰন্থবোৰ আৰু কৰ্মবোৰ। জাতি , ধৰ্ম , সম্প্ৰদায় , ভিন্ন সমাজ ব্যবস্থা নিৰ্বিশেষে সাম্প্ৰতিক সময়লৈ কোনোবাই ভাৰতবাসীক একক আৰু সু নেতৃত্ব দি কৃতকাৰ্য হ’ব পাৰিছে সেই জনেই হ’ব জাতিৰ পিতা , মহামানব মহাত্মা গান্ধী। অসমীয়াত এষাৰ আপ্তঃ বাক্য আছে ” শিলত চিকুটিলে নখহে ক্ষয় হয়”। পিছে এনে ধৰণৰ গ্ৰন্থ লিখাৰ লেখীয়াকৈ হৈ থকা নেতিবাচক কাম কাজবোৰৰো যে গুৰি ডাঠ পৃষ্ঠপোষক আছে সেয়া ধ্ৰুব সত্য। কিন্তু মহামানব মহাত্মা গান্ধী , মহামানব হৈয়েই থাকিব । এই লেখীয়া কৰ্ম কাণ্ডত জৰিত ব্যক্তি সকল যে ভাৰতীয় জনতাৰ মনত , ভাৰতীয় ইতিহাসত কলংকিত হৈ ৰ’ব সেয়াহে প্ৰকৃত সত্য।