নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয় আৰু বালাট্ৰাষ্টৰ যুটীয়া উদ্যোগত ʼসাধু কোৱাʼ প্ৰতিযোগিতা সম্পন্ন

নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয় আৰু বালাট্ৰাষ্টৰ যুটীয়া উদ্যোগত ʼসাধু কোৱাʼ প্ৰতিযোগিতা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ আৰু নৈতিক চৰিত্ৰ গঠনৰ অৰ্থে সাধুকথাৰ জৰিয়তে নীতি শিক্ষা দিয়াৰ উদ্দেশ্য আগত ৰাখি আজি দিনজোৰা কাৰ্য্যসূচীৰে নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্বেচ্ছাসেৱী অনুষ্ঠান বালা ট্ৰাষ্ট আৰু নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ যুটীয়া উদ্যোগত এখনি ছাত্ৰ-ছাত্ৰীৰ মাজত সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক স্বাধীনতা সংগ্ৰামী কুঞ্জলতা চৌধুৰীয়ে। অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত বিচাৰক হিচাবে অসম ৰাজ্যিক শিক্ষক সম্মিলনীৰ প্ৰাক্তন সভাপতি অৱণী ডেকা , গুৱাহাটী মহানগৰ সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ৰাজেন ভট্টাচাৰ্যই। ʼসাধু কোৱাʼ প্ৰতিযোগিতাত যোগ্যতা অনুসাৰে ভাস্বতী ডেকাই প্ৰথম স্থান, আৰিফা ইয়াচমিনে দ্বিতীয় স্থান,চোহানা চুলতানা আৰু নিৰিবিলি দেৱীয়ে যুটীয়া ভাৱে তৃতীয় স্থান, ৰাখী সেনে চতুৰ্থ স্থান, প্ৰিয়ংকা সহকাৰে পঞ্চম স্থান, চহিতোন খাতুন আৰু আশ্ৰীনা বেগমে যুটীয়া ভাৱে ৬ষ্ঠ স্থান, দ্বীপজ্যোতি ৰায়ে সপ্তম স্থান আৰু মীৰ হুছেইনে অষ্টম স্থান লাভ কৰে।অনুষ্ঠানত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ টেৰণ, বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱণী শৰ্মা, আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ, অসম চৰকাৰৰ শিক্ষা বিভাগৰ ডি পি অ তামছি শৰ্মা, ৰং মিলন আহমেদ, ৰাজধানী মণ্ডলৰ চি আৰু চি চি মৌচুমী নেওগ, অসম আদৰ্শ বিদ্যালয়, বতাহঘূলিৰ অধ্যক্ষ ৰঘুনাথ ডেকা,স্বেচ্ছাসেৱী অনুষ্ঠান বালা ট্ৰাষ্টৰ উপ সভাপতি সিদ্ধাৰ্থ ভট্ট, অসম শিশু সুৰক্ষা আয়োগৰ সদস্যা ৰীলাঞ্জনা তালুকদাৰ মহন্ত উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে বিজয়ী প্ৰতি যোগী সকলক বটা – প্ৰমাণ পত্ৰ প্ৰদান কৰে।