ননচেন্স ছিষ্টেম – এ.আৰ ৰহমান

ননচেন্স ছিষ্টেম

এ.আৰ ৰহমান

অশান্ত দেশ বিষণ্ণ জীৱন
আৰম্ভ হৈছে হিটলাৰী শাসন,
ৰজাৰ কনভয় দেখি চেলুট দিছোঁ
প্ৰাপ্য আদায় কৰিবলৈ গৈ
হাৱালদাৰৰ লাথ খাইছোঁ
চাল্লা ননচেন্স ছিষ্টেম।
ইণ্টাৰনেট কৰ্তন কৰি
জনবিৰোধী আইন গঠন কৰিছিল,
ভাষা-সংস্কৃতি বিক্ৰী কৰি
ৰজা-মহাৰজা হোৱাৰ সপোন ৰচিছিল
চাল্লা ননচেন্স ছিষ্টেম।
শিল্পীৰ পৰা সাহিত্যিক লৈকে
সাংবাদিকৰ পৰা বুদ্ধিজীৱী লৈকে
একেটা বাটত একেটা সুৰত
প্ৰতিবাদৰ ধ্বনি দিছিল
শদিয়াৰ পৰা মানকাচৰলৈ
অসমৰ আকাশ-বতাহ গৰ্জি উঠিছিল
বজ্ৰনিনাদৰ কণ্ঠস্বৰে হিটলাৰী নেতাবোৰ
দিক-বিদিক হেৰুৱাই কম্পিত হৈ পৰিছিল
জনগর্জন ৰুদ্ধ কৰিবলৈ
সান্ধ্য আইন জাৰি কৰা হৈছিল
চোঁচোৰাই-চোঁচোৰাই জেললৈ নি
আমাক ৰাষ্ট্ৰদ্ৰোহী সজোৱা হৈছিল
চাল্লা ননচেন্স ছিষ্টেম।
প্ৰতিবাদৰ উদ্গীৰণ প্ৰতিহত কৰিবলৈ
অমানৱীয় অত্যাচাৰ আৰম্ভ কৰিছিল,
গণতান্ত্ৰিক অনশন কৰা তৰুণ ডেকা বোৰক
ৰাজপথত গুলিয়াই শ্বহীদ কৰিছিল
চাল্লা ননচেন্স ছিষ্টেম
চাল্লা ননচেন্স ছিষ্টেম…।

(২০২০ চনত সমগ্ৰ অসম জোকাৰি যোৱা ‘কা’ আন্দোলনক কেন্দ্ৰ কৰি)