নদী মোৰ — মাধুৰী শৰ্মা সভাপণ্ডিত

pc Pinterest

নদী মোৰ

— মাধুৰী শৰ্মা সভাপণ্ডিত

নৈ মোৰ বুকুৰ এফাল
এজাক কুঁৱলিৰ স’তে
বিৰিখৰ ঘন শ্বাস
নিঃশব্দ অৰণ্য ফালি
প্ৰাচীন শিলৰ খলপা খামুচি
বৈ যায় নিৰন্তৰ
প্ৰগলভা নদী ।
শৈশৱ জোকাৰি
কৈশোৰ বুটলি
যৌৱনৰ তোলে সুৱাগুৰি।
টঙী জাল ৰখি
সৰিয়হ ফুলা মাটিত
নদীপৰীয়া বুকুখনত
উজানৰ এঙামুৰি।
নাৱৰীয়াৰ গীত শুনিছানে?
‘দাম-সুদামে ডাকে—-‘
আস হেঙুলীয়া বেলি।
গড়াত আইৰ পানী অনা বাটৰ লহৰি
বুকলৈ বৈ আহে সুখৰ একাৱলি
নদী মোৰ প্ৰথম প্ৰেমৰ সুহুৰি।