নদী মোৰ ভাল লাগে
ছেলিমা বেগম, নগাঁও
নদীৰ সমান বৈ যাব পাৰিবা
নদী মাথোন বৈ যায়
মাকৰ সমান মৰম পাৰিবা
কোনেও নোৱাৰে হয় ।
চিপ্ চিপ্ পৰে বৰষুণ নদীত
পানীৰে ওপঙি উঠে
ধাৰাষাৰ পৰে বৰষুণ কি যে
মধুৰ মিলন ঘটে।
নদীৰ পাৰত কঁহুৱা বিৰিণা
শৰৎ ঋতুত ধেমালি
তাকে দেখি মন মোৰ মতলীয়া
নদী ঢৌ খেলে আবেলি ।
নদীৰ পানীত বৰ বৰ মাছ
জলচৰ প্ৰাণী বাস
নদীত ফুলিছে ধুনীয়া পদুমী
সৌন্দৰ্য যেন সুবাস ।
নদীৰ ঘাটত কাষত কলহ
লৈ যে ওমলে ব’হাগী
নতুন যে কুঁহি পাতবোৰ তাৰ
নৈৰ ঘাটত ধেমালি।