নদী আৰু নাৰী – আয়নাল হক

নদী আৰু নাৰী
আয়নাল হক,ধুবুৰী 
অৰুন্ধতী,
নদীখনলৈ চোৱাচোন
কেনেদৰে বৈ আছে–!
বুকুত সভ্যতাৰ ইতিহাস সামৰি
বাটৰ বাধা নেওচি
নদীখন বৈ আছে নিৰৱধি।
অৰুন্ধতী,
তুমিতো নাৰী
ধৈৰ্য আৰু মমতাৰ প্ৰতিমূৰ্তি,
জীৱনৰ ঘাত-প্ৰতিঘাত
বুকুতে ৰাখি
খলা-বমা পথকো অতিক্ৰম কৰিছা
নদীৰ দৰে নিৰৱধি।
হাজাৰ বিপদ-বিঘিনিয়েও
তোমাক কৰ্তব্যবিমুখ কৰিব নোৱাৰে
যিদৰে নদীয়ে কালৈকো নাচাই
বৈ যায় সাগৰলে’ ।
যেতিয়াই তোমাৰ স্খলন হয়
সমাজত সৃষ্টি হয় উচ্ছৃংখলতা
যিদৰে নদীৰ বুকু বাম হ’লে
দুয়োপাৰলৈ আহে ভয়াবহতা।
অৰুন্ধতী,
নদীখন বৈ আছে নিৰৱধি
যিদৰে তুমিও আওৰাই আছা
জীৱনৰ সেই যতিবিহীন গীতি…।