নতুন ৰূপত ‘দৈনিক জনমভূমি’ৰ যাত্ৰা আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- দৈনিক জনমভূমি কাকতখন সকলোৰে মৰমৰ আৰু বিশ্বাসৰ, সেই কথা আজি হাজাৰ হাজাৰ মানুহৰ আগমনতে প্রতীয়মান হৈছে।জনতাৰ আদৰৰ-সন্মানীয় জনমভূমি গোষ্ঠীৰ লগত সম্পৰ্ক কৰাৰ বাবে মোক সুবিধা দিয়াৰ বাবে জনমভূমি গোষ্ঠীৰ স্বত্বাধিকাৰ সুব্ৰত শৰ্মাক ধন্যবাদ জনাইছোঁ।আমাৰ যৌথ প্রচেষ্টাত দৈনিক জনমভূমি কাকতখনক শ্ৰেষ্ঠ কাকত হিচাপে গঢ়ি তুলিম।প্ৰাগ নিউজ আৰু জনমভূমি গোষ্ঠীৰ যৌথ উদ্যোগত দৈনিক জনমভূমিৰ নতুন ৰূপত প্ৰকাশৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত এইদৰে কয় প্ৰাগ নিউজৰ স্বত্বাধিকাৰ ড° সঞ্জীৱ নাৰায়ণে।আমি সদায় সকলোৰে আগত থাকোঁ বুলি সদৰী কৰি ডঃ নাৰায়ণে কয় যে কাকতখনৰ শ্ৰেষ্ঠতাৰ দিশত আগুৱাই যাবলৈ আমি যৌথভাৱে সকলো প্রচেষ্টা গ্ৰহণ কৰিছোঁ।ইতিমধ্যে কাইলৈৰ পৰাই নতুনত্ব প্ৰদান কৰি টেগলাইনো সলনি কৰা হৈছে।বৰাক উপত্যকাকে ধৰি উজনি-নামনি সকলো স্থানতে কাকতখন উপলব্ধ কৰা হ’ব।বন্ধ হৈ থকা তিনিচুকীয়া সংস্কৰণটোও কাইলৈৰ পৰা প্ৰকাশ পাব।অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলতো যাতে কাকতখন পায়, সেই উদ্দেশ্যেৰে বিতৰণৰ ব্যৱস্থা কৰা হ’ব।জনমভূমিক শ্ৰেষ্ঠ কাকত হিচাপে ৰাইজৰ হাতত তুলি দিয়া হ’ব।জনমভূমি যোৰহাটৰ মানুহৰ কলিজা বুলি উল্লেখ কৰি প্ৰাগ নিউজৰ চি এম ডিগৰাকীয়ে কয় যে মই জানো যে মই ডাঙৰ দায়িত্ব লৈছোঁ।এই দায়িত্ব মই পালন কৰিম।উদ্বোধনী অনুষ্ঠানটোত দৈনিক জনমভূমিৰ পৰিচালন অংশীদাৰ সুব্ৰত শৰ্মাই ৰাইজক উদ্দেশ্যি কয় যে,দৈনিক জনমভূমি বিক্ৰী হোৱা নাই,নতুন অংশীদাৰহে সংযুক্ত হৈছে।কাকতখন নতুন উদ্যমেৰে আগবাঢ়িছে।আপোনালোকৰ সহায়- সহযোগ আমাৰ যাত্ৰাপথৰ পাথেয় হ’ব।জনমভূমিৰ জাতীয়তাবাদী ইচ্ছা সদায়ে অটুট থাকিব বুলি সদৰী কৰি তেওঁ কয় যে বাতৰি কাকত এখন কেতিয়াও মৰি নাযায়। বহু মানুহে মোক সুধি আছে যে কাকতখন বিক্ৰী কৰিলোঁ বুলি। কিন্তু কাকতখন বিক্ৰী কৰা নাই৷প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণ অংশীদাৰ হৈছে।ড° সঞ্জীৱ নাৰায়ণৰ সম্পৰ্কত তেওঁ কয় যে,কেবল টিভি, ছেটেলাইট টিভিকে ধৰি অন্যান্য ব্যৱসায়ৰ এক স্থান ইতিমধ্যে লাভ কৰিছে।আমি সকলোৰে আশীৰ্বাদত যৌথভাৱে এখন নতুন কাকত দেখুৱাব পাৰিম।উদ্বোধনী অনুষ্ঠানটোত প্ৰাগ নিউজৰ সঞ্চালক তথা ড° সঞ্জীৱ নাৰায়ণৰ সহধর্মিণী মেঘালী নাৰায়ণে কয় যে,জনমভূমি গোষ্ঠী আৰু প্ৰাগ নিউজৰ নতুন যাত্ৰাৰ সংকল্প লৈছে।আশা কৰিছোঁ নতুন যাত্রাই নতুন পথৰ সন্ধান দিব।সংবাদ জগতৰ এই যাত্ৰাত অংশীদাৰ হ’বলৈ পাই মই ধন্য মানিছোঁ।