নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত শিশুৰ প্ৰাক-শৈশৱকালীন যতন আৰু শিক্ষা দ্বীপেন বৰুৱা

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত শিশুৰ প্ৰাক-শৈশৱকালীন যতন আৰু শিক্ষা

দ্বীপেন বৰুৱা
জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ

শিক্ষাই শক্তি। প্ৰতিজন ব্যক্তি তথা প্ৰতিখন দেশ আগুৱাই যোৱাত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ শিক্ষা হৈছে মানৱ জীৱনৰ চালিকা শক্তি। শিক্ষাই মানুহৰ জীৱনৰ দিক নিৰ্ণায়কৰ ভূমিকা পালন কৰে। প্ৰতিখন দেশে নিজ নিজ দেশৰ উন্নতিৰ বাবে এক নির্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰে। স্বাধীনোত্তৰ ভাৰততো “ৰাষ্ট্ৰীয় শিক্ষা নীতি” অভিধাৰে নিৰ্দিষ্ট কিছুমান শিক্ষানীতি গ্ৰহণ কৰি আহিছে আৰু প্ৰয়োজনসাপেক্ষে সময়ে-সময়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি সলনি হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সদায় এটা নিৰ্দিষ্ট জাতীয় পৰিচয় বৰ্তাই ৰাখিছে।

২০২০ চনৰ ২৯ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত অনুমোদন জনায়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ অধ্যক্ষতাত প্ৰস্তুত কৰা এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ৰূপান্তৰৰ বাবে এক ব্যাপক দৃষ্টিভংগী আগবঢ়াইছে৷ ইয়াত ব্যক্তিত্বৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ এই নতুন শিক্ষানীতিয়ে মাতৃভাষা আৰু ৰাজ্যিক ভাষাসমূহক অধিক গুৰুত্ব প্ৰদান কৰিছে। পঞ্চম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীক নিজৰ ৰাজ্যৰ মাতৃভাষাতে পাঠদান কৰাৰ পৰামৰ্শ আগবঢ়াইছে। সংস্কৃত আৰু অন্যান্য বিদেশী ভাষাকো গুৰুত্ব প্ৰদান কৰিছে। এই শিক্ষা নীতিয়ে শিক্ষাৰ্থীৰ ওপৰত কোনো ভাষা বলপূৰ্বকভাৱে প্ৰয়োগ নকৰে।

ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ লক্ষ্য হৈছে বৰ্তমানৰ শিক্ষাব্যৱস্থাক বহনক্ষমভাৱে এখন সমতাপূৰ্ণ আৰু সজীৱ জ্ঞান সমাজলৈ ৰূপান্তৰিত কৰাৰ লগতে সকলোকে উচ্চমানৰ শিক্ষা প্ৰদান কৰা৷ ইয়াৰ জৰিয়তে শিশুৰ প্ৰাক-শৈশৱকালীন যতন আৰু শিক্ষা(Early Childhood Care and Education)ৰ গুণগত মানদণ্ড শক্তিশালী কৰাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে যাতে এটি শিশুৱে শিক্ষাৰ সঠিক ভেঁটি স্থাপন কৰিব পাৰে৷ এই অনুসৰি প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰা সকলো শিশুৱে যাতে সাক্ষৰতা আৰু সাংখ্যিক দক্ষতাৰে বিদ্যালয়ৰ বাবে সাজু হয়, তাৰ বাবে ২০৩০ চনৰ লক্ষ্যৰে শিশুৰ প্ৰাক-শৈশৱকালীন যতন আৰু শিক্ষা সাৰ্বজনীনকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷

সহজভাৱে ক’বলৈ গ’লে শিশুৰ প্ৰাক-শৈশৱকালীন যতন আৰু শিক্ষাই শিশু এটি মাতৃগৰ্ভত থিতাপি লোৱাৰ পৰা ছবছৰলৈকে শিশুটিৰ স্বাস্থ্য, পৰিপুষ্টি তথা যতনৰ কথাকেই সূচায়৷ তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলক সোনকালে শিকাৰ সুবিধা প্ৰদান কৰা হয়৷ প্ৰায় তিনিবছৰ সম্পূৰ্ণ হোৱাৰ লগে-লগেই এটি শিশু প্ৰাক-প্ৰাথমিক বিদ্যালয় নতুবা অংগনবাড়ী কেন্দ্ৰত অন্তৰ্ভুক্ত হোৱাৰ পাছত শিশুটিৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ শুভাৰম্ভ হয়৷ ইয়াতেই শিশুৰ সৰ্বাংগীন বিকাশৰ লগতে শিশুক এটি সুৰক্ষিত পৰিৱেশ প্ৰদান কৰে য’ত শিশুয়ে খেল-ধেমালিৰ মাজেদি শৈক্ষিক ক্ৰিয়া-কলাপৰ বিভিন্ন সুবিধা লাভ কৰে৷ এটি শিশুৱে প্ৰাক-প্ৰাথমিক স্তৰত উপনীত হোৱাৰ পৰাই শিশুটিৰ বৃদ্ধি আৰু বিকাশৰ স্তৰসমূহ নিৰীক্ষণ, শিশুৰ মনোগ্ৰাহী শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণ, ঘৰুৱা পৰিৱেশ, শিশুটিৰ পৰিয়াল নাইবা ওচৰ-চুবুৰীয়াৰ লগত আদান-প্ৰদান আদিৰ বিষয়ে তথ্য সংগ্ৰহ আৰু অভিভাৱকৰ লগত মত-বিনিময়ৰ জৰিয়তে প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ মান নিৰূপণ কৰা সম্ভৱ৷ এনে প্ৰক্ৰিয়াৰ জৰিয়তে শিশুৰ আগ্ৰহ, প্ৰয়োজন, সামৰ্থ, অভিজ্ঞতা আদি সম্পৰ্কে জানিব পাৰি৷ এনে স্তৰৰ মান নিৰূপণ যথাৰ্থ আৰু বিকাশ ভিত্তিক হোৱা উচিত৷ ইয়াৰ আধাৰ হৈছে শিশুৰ নিয়মীয়া, বাস্তৱভিত্তিক অভিজ্ঞতা কালত তেওঁলোকে প্ৰদৰ্শন কৰা প্ৰকৃত পাৰদৰ্শিতা৷

শিশুৰ প্ৰাক-শৈশৱকালীন যতন আৰু শিক্ষাক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত একত্ৰিত কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০য়ে শৈশৱৰ পৰা প্ৰাথমিক শিক্ষালৈকে নিৰৱচ্ছিন্ন পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে৷ ই শিশুৰ শিক্ষণ যাত্ৰাত ধাৰাবাহিকতা আৰু সংহতি লাভ কৰাত সহায় কৰিব৷ নতুন শিক্ষা নীতিত ৫+৩+৩+৪ ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে স্কুলীয়া শিক্ষাৰ সফল পৰিসমাপ্তিৰ পৰিকল্পনা কৰিছে৷ ইয়াৰে প্ৰথম পাঁচ বছৰ শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায় (Foundation Stage) নাইবা শৈশৱৰ শিশুৰ যতন আৰু শিক্ষা বুলি ধৰা হৈছে, তাৰে প্ৰথম তিনিবছৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ অন্তৰ্ভুক্ত কৰা হৈছে৷

যিসকল শিশু প্ৰাক-প্ৰাথমিক শিক্ষাৰ অভিজ্ঞতা লাভ নকৰাকৈ প্ৰাথমিক বিদ্যালয়ত প্ৰৱেশ কৰে, সেই শিশুৱে নিজৰ পৰিৱেশ আৰু বিদ্যালয়ৰ পৰিৱেশৰ মাজত এক বিৰাট পাৰ্থক্য উপলব্ধি কৰে৷ এই পাৰ্থক্যই শিশুৰ মনত লাজ, ভয় আৰু শংকাৰ ভাৱ আনি দিয়ে৷ ইয়াৰ ফলত বহুতো শিশুৱে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নকৰাকৈ বিদ্যালয় ত্যাগ কৰিব পাৰে৷ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত ই এক অন্তৰায় হিচাবে দেখা দিয়ে৷ গৱেষণাৰ দ্বাৰা প্ৰমাণিত যে এটি শিশুৰ প্ৰাৰম্ভিক অৱস্থা অৰ্থাৎ গৰ্ভধাৰণৰপৰা ছবছৰলৈকে শিশুৰ স্নায়ুতন্ত্ৰ অধিক সক্ৰিয় হৈ থাকে আৰু মগজুৰ বিকাশ দ্ৰুতগতিত হয়৷ প্ৰায় ৯০% মগজুৰ বিকাশ এই সময়ছোৱাৰ ভিতৰতে সম্পন্ন হয়৷ সেয়েহে এই সময়ছোৱাত এক উপযুক্ত পৰিৱেশ প্ৰদান কৰিব পাৰিলে শিশুৰ শাৰীৰিক, ভাষিক, বৌদ্ধিক আৰু সামাজিক-আৱেগিক, সৌন্দৰ্যবোধ আৰু সৃজনীশীল বিকাশ অধিক হয়৷

ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০য়ে শিশুৰ প্ৰাক-শৈশৱকালীন যতন আৰু শিক্ষাৰ বাবে খেলা-ধূলাভিত্তিক আৰু কাৰ্যকলাপমুখী শিক্ষাবিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰাৰম্ভিক বছৰবোৰত অভিজ্ঞতাভিত্তিক শিক্ষণৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰে৷ প্ৰাক-প্ৰাথমিক বিদ্যালয় নাইবা অংগনবাড়ী কেন্দ্ৰৰ শিক্ষণ-শিকন প্ৰক্ৰিয়া আনুষ্ঠানিক প্ৰাথমিক বিদ্যালয়ৰ দৰে নহয়৷ ইয়াত শিশুসকলক পঢ়া, লিখা আৰু অংক কৰোৱাৰ পৰিৱৰ্তে পৰৱৰ্তী পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে শাৰীৰিক আৰু মানসিকভাৱেহে প্ৰস্তুত কৰি তোলা হয়৷ ইয়াত শিশুৱে যাতে নিজৰ ভাল পোৱা ধৰণৰ আৰু তেওঁলোকৰ ঘৰুৱা জীৱনত নোপোৱা কিছুমান অভিজ্ঞতা আহৰণ কৰিব পাৰে, তাৰ সুযোগ দিয়া হয়৷ যেনে- সমনীয়াৰ লগত কথা-বতৰা পতা, সাধু শুনা, চাৰিওফালৰ পৰিৱেশ পৰ্যৱেক্ষণ কৰিবলৈ সুবিধা পোৱা, হাতেৰে বিভিন্ন বস্তু স্পৰ্শ কৰি নাম ক’বলৈ দিয়া ইত্যাদি৷ এই বয়সত শিশুৱে বিমূৰ্ত ধাৰণা কৰিব নোৱাৰে৷ পোনপটীয়াকৈ লাভ কৰা অভিজ্ঞতাৰ পৰাহে শিকিব পাৰে৷ খেল-ধেমালি আৰু ক্ৰিয়া-কলাপৰ জৰিয়তে লাভ কৰা এই অভিজ্ঞতাসমূহক বিভিন্ন ধৰণেৰে আৰু বিশেষ উদ্দেশ্যৰে গঢ় দি লোৱা হয়৷ প্ৰধানতঃ শিশুক কেন্দ্ৰ কৰিয়েই এই ক্ৰিয়া-কলাপৰ পৰিকল্পনা কৰা হয়৷ এনেদৰে শিশুৱে অভিজ্ঞতা আহৰণ কৰা কাৰ্যত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে মাথোন পথ-প্ৰদৰ্শকৰ ভূমিকাহে পালন কৰে৷

অন্তৰ্ভুক্তিকৃত শিক্ষা নতুন শিক্ষা নীতিৰ এটা মূল উদ্দেশ্য৷ এই শিক্ষাই সকলো শিশুকে শিক্ষণ-শিকন প্ৰক্ৰিয়াত সমভাৱে ভাগ লোৱাৰ সুবিধা প্ৰদান কৰে৷ এক কথাত ক’বলৈ গ’লে শাৰীৰিক, বৌদ্ধিক, মানসিক বাধাগ্ৰস্ত শিশুৰ লগতে বেলেগ-বেলেগ ভাষা-ভাষী তথা জাতি, ধৰ্ম, বৰ্ণৰ ল’ৰা-ছোৱালীক প্ৰয়োজনসাপেক্ষে শিক্ষা দিয়াৰ বাবে অন্তৰ্ভুক্তিকৃত শিক্ষা হৈছে এক বাস্তৱ আৰু বৈজ্ঞানিক প্ৰয়াস৷ এই শিক্ষাই সকলো শিশুৰে প্ৰতি গ্ৰহণীয় মনোভাৱ আৰু তেওঁলোকৰ বিশেষ প্ৰয়োজনসমূহ বুজি উঠাৰ পৰিৱেশ প্ৰদান কৰে৷ লগতে ই শিশুসকলৰ মাজত সমতাৰ ধাৰণাৰ লগতে অন্যান্য সামাজিক গুণসমূহ, যেনে- একতা, প্ৰেম, ভ্ৰাতৃত্ববোধ, সহানুভূতি, সহযোগিতা আদিৰ ধাৰণা বিকাশত সহায় কৰে৷ বৰ্তমান সময়ত এই শিক্ষাই সমাজত পৰিৱৰ্তনৰ সূচনা কৰাৰ লগতে এখন বৈষম্যহীন সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

শিশুৰ জীৱনৰ প্ৰাৰম্ভিক সময়খিনি বৰ গুৰুত্বপূৰ্ণ৷ শিশুৰ সামগ্ৰিক বৃদ্ধি আৰু বিকাশৰ কাৰণে এক উপযুক্ত পৰিৱেশৰ অতি প্ৰয়োজন৷ সেয়েহে অংগনবাড়ী কেন্দ্ৰসমূহত এক শিশু অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ বৰ্তমান চৰকাৰে নানান পদক্ষেপ হাতত লৈছে৷ আহল-বহল কোঠাযুক্ত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ জৰিয়তে প্ৰাক-প্ৰাথমিক শিক্ষাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ যত্ন কৰিছে৷ ইয়াৰ ফলত শিশুৰ ঘৰুৱা পৰিৱেশ আৰু অংগনবাড়ী কেন্দ্ৰৰ মাজত যোগসূত্ৰ স্থাপন হোৱাৰ লগতে শিশুসকলক অংগনবাড়ী কেন্দ্ৰৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব৷ ঘৰৰ সুস্থ পৰিৱেশেও শিশুৰ ব্যক্তিত্ব গঠনত প্ৰভূত অৰিহণা যোগায়৷ প্ৰাক-প্ৰাথমিক শিক্ষাৰ পৰিকল্পনাৰ সফল ৰূপায়ণৰ বাবে অংগনবাড়ী কৰ্মী, অভিভাৱক তথা সমাজৰ অন্যান্য ব্যক্তিসকলৰো সহায়-সহযোগিতাৰ প্ৰয়োজন৷

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০য়ে অংগনবাড়ী কৰ্মীসকলৰ সামৰ্থ্য বিকাশৰ যোগেদি শিশুসকলৰ গুণগত প্ৰাক-প্ৰাথমিক শিক্ষা আৰু যতনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ এই শিক্ষা নীতিৰ জৰিয়তে দ্বাদশ আৰু তাৰ ওপৰৰ শিক্ষাগত অৰ্হতা থকা অংগনবাড়ী কৰ্মীসকলৰ বাবে ছমাহৰ প্ৰমাণপত্ৰযুক্ত পাঠ্যক্ৰমৰ পৰামৰ্শ দিছে৷ স্মৰ্তব্য যে সমগ্ৰ দেশৰ ভিতৰত অসমতেই পোনপ্ৰথম অংগনবাড়ী কৰ্মীসকলৰ বাবে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ আধাৰত ছমহীয়া প্ৰমাণপত্ৰযুক্ত পাঠ্যক্ৰম আৰম্ভ কৰিছে৷ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (SCERT) মহিলা আৰু শিশু বিকাশ বিভাগ, অসমৰ সতে যৌথভাৱে এক পাঠ্যক্ৰম প্ৰস্তুত কৰিছে৷ উক্ত পাঠ্যক্ৰমত শিশুসকলৰ উচ্চমানৰ প্ৰাক-প্ৰাথমিক শিক্ষা আৰু যতনৰ ব্যৱস্থা কৰা, প্ৰাৰম্ভিক বছৰবোৰত বিকাশ আৰু উত্তৰণ, অংগনবাড়ী কেন্দ্ৰত পাঠ্যক্ৰম, শিক্ষা-বিজ্ঞান, শ্ৰেণীকোঠা ব্যৱস্থাপনা আৰু শিক্ষণ মূল্যায়ণ, সামাজিক অংশগ্ৰহণ, সৰ্বাত্মক শিক্ষা, শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ এই পাঠ্যক্ৰমৰ লক্ষ্য হৈছে অংগনবাড়ী কৰ্মীসকলৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে উচ্চমানৰ প্ৰাক-প্ৰাথমিক শিক্ষা আৰু যতন প্ৰদান কৰি শিশুৰ সৰ্বাংগীন বিকাশ সাধন কৰা৷ এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিশুৰ প্ৰাক-শৈশৱকালীন যতন আৰু শিক্ষাৰ গুৰুত্বক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ প্ৰযত্ন কৰিছে৷ আশা কৰিব পাৰি যে সাৰ্বজনীন প্ৰৱেশ, খেল-ধেমালিভিত্তিক শিক্ষণ, উপযুক্ত প্ৰশিক্ষণ আৰু নামভৰ্তিক অগ্ৰাধিকাৰ দি এই শিক্ষা নীতিয়ে শিশুসকলৰ এক সুন্দৰ শৈক্ষিক যাত্ৰাৰ বাবে শক্তিশালী ভেঁটি গঢ়ি তুলিবলৈ সক্ষম হ’ব৷