নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০:-এক চমু পৰ্যালোচনা – মিনাক্ষী হাজৰিকা

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০:-এক চমু পৰ্যালোচনা
মিনাক্ষী হাজৰিকা
দেওমৰনৈ
উচ্চ মানসম্পন্ন সাৰ্বজনীন শিক্ষা ব্যৱস্থা আৰু ব্যক্তি, সমাজ, ৰাষ্ট্ৰ আৰু বিশ্বৰ বিকাশৰ বাবে উন্নত মেধাযুক্ত সমল বৃদ্ধিকৰনেই আমাৰ দেশ আগবাঢ়ি যোৱাৰ মূলমন্ত্র। অহা দশকত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে যুবশক্তিৰ উপলব্ধতাৰ দিশৰ পৰা প্ৰথম দেশ হিচাপে পৰিগণিত হ’ব। আৰু দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিব এই যুবশক্তিক প্ৰদান কৰা শিক্ষাৰ ওপৰত।
ভাৰতত প্ৰথম শিক্ষানীতিৰ পৰিৱৰ্তন ১৯৬৮ চনত কৰিছিল । তাৰ পিছত ১৯৮৬ চনত শিক্ষানীতিৰ পৰিৱৰ্তন কৰিছিল। আৰু সেই শিক্ষানীতিৰ ক্ষুদ্রতম পৰিৱৰ্তন কৰি ১৯৯২ চনত পৰিৱৰ্তন কৰা হৈছিল। আৰু তাৰ পিছতেই ২০২০ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰৱৰ্তন কৰা হৈছে। এই শিক্ষানীতি অনুসৰি মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ (Ministry of human resources development)ৰ নামটো সলনি কৰি শিক্ষা মন্ত্রণালয় (Ministry of education) ৰখা হৈছে। ইয়াৰ উপৰিও এই নীতিয়ে প্ৰচলিত ১০+২ পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাই নতুন শিক্ষণ পদ্ধতি আৰু পাঠ্যক্রমক ৩ ৰ পৰা ১৮ বছৰ বয়সলৈ সামৰি ৫+৩+৩+৪ আৰ্হিত পুনৰ গঠন কৰিছে। বৰ্তমানে ১ম শ্ৰেণী ৬  বছৰৰ পৰা আৰম্ভ হোৱাৰ বাবে ৩-৬ বছৰ বয়সৰ শিশুক ১০+২ আৰ্হিয়ে সামৰিব পৰা নাই । কিন্তু নতুন ৫+৩+৩+৪ পদ্ধতিত ৩ বছৰৰ শিশুকো “প্ৰাৰম্ভিক শিশু পৰিচৰ্যা আৰু শিক্ষা” ৰ শক্তিশালী ভেটিত সামৰি লোৱা হৈছে। ইয়াৰ লক্ষ্য হৈছে যে ভাল সামগ্ৰিক শিকণ, বিকাশ আৰু সুচাৰুৰূপে উন্নতি সাধন কৰা। পূৰ্বৰ শিক্ষানীতিত অৰ্থাৎ ১০+২ পদ্ধতিত এজন শিশুক ৬ বছৰ বয়সৰ পৰা বিদ্যালয়ত নামভৰ্তি কৰাই দিয়া হৈছিল। অৰ্থাৎ ১ম শ্রেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৰাজ্য চৰকাৰৰ অধীনত শিক্ষা গ্ৰহণ কৰা হৈছিল। পিছত স্নাতক ডিগ্ৰী লাভৰ বাবে যিকোনো বিশ্ববিদ্যালয় এখনৰ পৰা লাভ কৰিব লগা হৈছিল। কিন্তু ৫+৩+৩+৪ পদ্ধতিৰ নতুন শিক্ষানীতিত এগৰাকী শিশুক ৩ বছৰ বয়সৰ পৰাই বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হ’য়। সাধাৰণতে আমাৰ সমাজত পৰিলক্ষিত হ’য় যে সৰু সৰু ল’ৰা-ছোৱালীবিলাক পঢ়াৰ ভয়ত বিদ্যালয়লৈ যাবলৈ অমান্তি হ’য়।কিন্তু নতুন শিক্ষানীতিত এগৰাকী শিশুক নামভৰ্তিৰ কৰাই দিয়াৰ পিছত প্ৰথম তিনিবছৰ খেলা-ধূলাৰ মাজত আৱদ্ধ ৰখা হয়। ৫+৩+৩+৪ পদ্ধতিটো যদি আমি বিশ্লেষণ কৰি চাও প্ৰথম ৫ বছৰটোত হৈছে শিক্ষাৰ প্ৰথম ভেটি। ইয়াক” ফাউন্ডেশন স্তৰ”(Foundation stage) বুলি কোৱা হয়। এই স্তৰটোত কোনো পৰীক্ষাৰ ব্যৱস্থা নাই। এই স্তৰটোক ৩+২ আৰ্হিত ভাগ কৰা হৈছে। প্ৰথম ৩ বছৰত এজন শিশু বিদ্যালয়ত যাব। আৰু এই তিনি বছৰ খেলা-ধূলাৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিব। কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা নহ’য়। তাৰ পিছৰ দুবছৰৰ প্ৰথম বছৰটোত প্ৰথম শ্ৰেণী আৰু দ্বিতীয় বছৰটোত দ্বিতীয় শ্ৰেণীলৈ কোনো পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ প্ৰাথমিকভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰিব শিশুসকলে। ইয়াৰ পিছৰ স্তৰটোক প্ৰিপাৰেটৰী স্তৰ(Preparatory stage) বুলি কোৱা হয়। আগৰ স্তৰত তৃতীয়, চতুর্থ আৰু পঞ্চম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিব পাৰিব। এই স্তৰত পঢ়া-শুনাৰ লগতে কিছুমান কৰ্মশীলতাও কৰিব লগা হয়। এই স্তৰত শিক্ষা দান কৰোতে দুটা মাধ্যমত শিক্ষা দান কৰিব পাৰে। ইংৰাজী আৰু নিজৰ আঞ্চলিক ভাষাত। ছাত্র-ছাত্ৰীসকলেও এই স্তৰত নিজৰ মাতৃভাষাতেই শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু এই স্তৰৰ পৰা পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব। ইয়াৰ পিছৰ স্তৰটোক “মাধ্যমিক স্তৰ” (Middle stage) বুলি কোৱা হয়। এই স্তৰটো ৩ বছৰীয়া হয়। আৰু শিক্ষাৰ্থী এগৰাকীয়ে ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীলৈকে এই স্তৰত পঢ়িব পাৰিব। এই স্তৰটোত পঢ়া শুনাৰ লগতে কম্পিউটাৰ, বৃত্তিমুখী পাঠ্যক্রম, গণিত, বিজ্ঞান, কলা আদি বিষয়সমূহ পাঠ্যক্রমৰ লগত অন্তৰ্ভূক্ত কৰা হ’ব। এই বিষয়সমূহৰ উপৰিও এইটো স্তৰত শিক্ষাৰ্থী এজনে ভাৰতৰ যিকোনো ভাষা এটাৰ বিষয়ে অধ্যয়ন কৰিব লাগিব।ইয়াৰ পিছৰ স্তৰটোক চেকেণ্ডাৰী স্তৰ(secondary stage) হুলি কোৱা হ’য়। এই স্তৰটো যিহেতু ৪ বছৰীয়া পাঠ্যক্রমৰ সেয়েহে এগৰাকী শিক্ষাৰ্থীয়ে নৱম, দশম, একাদশ আৰু দ্বাদশ এই চাৰিটা শ্ৰেণীলৈ পাঠ্যক্রম গ্ৰহণ কৰিব লাগিব। ইয়াত কলা, বিজ্ঞান অথবা বাণিজ্য বুলি কোনো শাখা নাথাকিব। লগতে আঠটা ষান্মাসিক ব্যৱস্থাৰ জৰিয়তে পিছৰ স্তৰলৈ আগুৱাই যাব। শিক্ষাৰ্থী এগৰাকীয়ে যিকোনো পছন্দৰ বিষয় বাচনি কৰি পঢ়িব পাৰিব। যিহেতু কোনো শাখাৰ ব্যৱস্থা এই স্তৰত নাই। শিক্ষাৰ্থী সকলে এই স্তৰত যিকোনো এটা বিদেশী ভাষা অধ্যয়ন কৰিব পাৰিব। লগতে নিজৰ চিন্তা-চৰ্চাবিলাক সমালোচনাত্মক দৃষ্টি-ভংগীৰে কৰিব পৰাকৈ পাঠ্যক্রম প্ৰদান কৰা হ’ব। শিক্ষাৰ্থী সকলে যদিও বিদেশী ভাষা শিকিব পাৰিব কিন্তু এই ভাষাসমূহৰ ভিতৰত চীনৰ ভাষা শিকিব নোৱাৰিব। আৰু শেষৰ স্নাতক বৰ্ষৰ স্তৰটো ৪ বছৰীয়া পাঠ্যক্রমৰ হ’ব। আগৰ শিক্ষানীতিত স্নাতক বৰ্ষৰ পাঠ্যক্রম তিনি বছৰীয়া আছিল। এই স্নাতকৰ প্ৰথম বৰ্ষ উত্তীর্ণ হ’লে এখন চাৰ্টিফিকেট প্ৰদান কৰা হ’ব। আৰু চাৰ্টিফিকেটত চাৰ্টিফিকেট সহ স্নাতক(Graduation with certificate) বুলি কোৱা হ’ব। ইয়াৰ পিছৰ বছৰত যদি শিক্ষাৰ্থী এগৰাকীয়ে উত্তীর্ণ হ’য় তেন্তে তেওঁ এখন চাৰ্টিফিকেট লাভ কৰিব আৰু তাত ডিপ্লোমা সহ স্নাতক (Graduation with degree) আৰু চতুর্থ বর্ষ উত্তীৰ্ণ হ’লে ৰিচাৰ্জ সহ স্নাতক(Graduation with research) বুলি কোৱা হয়। কেতিয়াবা দেখা যায় যে বহুত শিক্ষাৰ্থীয়ে কলেজত নামভৰ্তি কৰিব খোজে তেন্তে প্ৰথম বৰ্ষৰ পৰা নামভৰ্তি কৰিবলগীয়া হ’য়। কিন্তু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি কোনো এজন শিক্ষাৰ্থীয়ে যদি এবছৰ বা দুবছৰ শিক্ষা গ্ৰহণ কৰি কলেজ এৰিব লগীয়া হ’য়। তেন্তে তেওঁ আগত উল্লেখ কৰি অহাৰ দৰে একোখনকৈ চাৰ্টিফিকেট লাভ কৰিব। আৰু সেই একোটা বৰ্ষৰ পৰা পোনে পোনে নামভৰ্তি কৰিব পাৰিব। লগতে তিনি বছৰৰ ডিগ্রী সম্পূর্ণ কৰি শিক্ষাৰ্থীয়ে এগৰাকীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰিব পাৰিব। স্নাতক বৰ্ষৰ পিছতেই স্নাতকোত্তৰ বৰ্ষৰ শিক্ষা ব্যৱস্থা শিক্ষা ব্যৱস্থা দুই অথবা এবছৰীয়া হ’ব। শিক্ষাৰ্থী এগৰাকীয়ে যদিয়ে চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম সমাপ্ত কৰিছে তেন্তে তেওঁ স্নাতকোত্তৰত এবছৰ পাঠ্যক্রম গ্ৰহণ কৰিলেই হ’ব আৰু যদি তেওঁ তিনিবছৰীয়া পাঠ্যক্রমতে শেষ কৰিছে তেন্তে তেওঁ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্রম গ্ৰহণ কৰিব পাৰিব। নতুন শিক্ষানীতি অনুসৰি বৰ্তমান প্ৰচলিত এম. ফিল শিক্ষা ব্যৱস্থা নাথাকিব। পি. এইচ. ডি ডিগ্রী গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থী সকলে। আৰু এই ডিগ্রী চাৰি বছৰীয়া হ’ব।